ৰাতিপুৱাবোৰ সদায়েই বৰ সুন্দৰ।
দেশ বিদেশ বুলি কথা নাই, সকলোতে একেই পুৱা, একেই আমেজ।
চৰায়ে কলকলায়, আকাশ ৰঙচুৱা হয়, প্ৰভাতৰ প্ৰথম কিৰণে মন পুলকিত কৰি তোলে।
অনুপমাই খিৰিকীখন খুলি দিলে। এচাটি মলয়া বতাহে তাইৰ দেহ মন চুই গ’ল !!!
জুলাই মাহৰ এটা সুন্দৰ দেওবাৰৰ ৰাতিপুৱা।
ব্ৰিটেইনৰ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ এটা
চৌহদৰ বাকৰিত সেউজীয়া ঘাঁহৰ ওপৰত কোমল ৰ’দে
দলিচা পাৰিছে। চৰাইৰ কিচমিচনিৰে গোটেইখন মুখৰিত হৈ আছে। ঘাঁহনিডৰাত কেইটামান চৰায়ে
ইফালে সিফালে ঘূৰি ফুৰিছে।
ৰাতিপুৱাৰ এই সময়খিনি অনুপমাৰ বৰ প্ৰিয়।
খিৰিকীখন খুলি তাই ৰৈ নাথাকিল। সদায় ওলাই
যোৱাৰ দৰে দুৱাৰখন খুলি কোমল ৰ’দজাকৰ লগত উমলিবলৈ,
নানা বৰণৰ চৰাইবোৰ চাবলৈ মুকলি ঘাহঁনি ডৰালৈ ওলাই আহিল। কেইটামান ঘনচিৰিকা, শালিকা, চাকৈচকোৱা, পাৰ আৰু নাম নজনা ৰঙচঙীয়া চৰাই সেউজীয়া
ঘাহঁনিডৰাত ডেও দি দি ঘূৰি ফুৰিছে।
ঘাহঁনিত সুদাভৰিৰে খোজ কাঢ়ি অনুপমাই এক অজান
পুলক অনুভৱ কৰে। তাইৰ মন উৰি যাব খোজে তাই সৰুৰে পৰা ডাঙৰ হোৱা সেই নিৰিবিলি
চহৰখনলৈ।
সেইখন চহৰ, তাইৰ প্ৰাণৰো প্ৰাণৰ, আপোন চহৰ। সেইখন চহৰৰ
সেউজীয়াখিনি তাই যেন ইয়াতো বিচাৰি ফুৰে।
দেওবাৰে ৰাতিপুৱাৰ এই সময়খিনিত খুব কম ল’ৰা-ছোৱালীয়ে অনুপমাৰ দৰে এইদৰে মুকলিলৈ অকলে ওলাই আহি খোজকাঢ়ি
ফুৰে। বেছিভাগেই দেওবাৰটোত বহুত বেলিকৈ শুই উঠে। সপ্তাহৰ প্ৰায় গোটেই কেইদিন
পঢ়া-শুনা, প্ৰজেক্ট, প্ৰেজেণ্টেচন আদি
কামত ব্যস্ত হৈ থকাৰ পিছত শনিবাৰৰ আবেলিটো আৰু গোটেই দেওবাৰটো সকলোৱে যেন নিজৰ মতে
কটাব খোজে।
শনিবাৰে ৰাতি হোষ্টেলৰ কোঠাবোৰত বহু ৰাতিলৈ
হাঁহি-খিকিন্দালি, আড্ডা, খানা-পিনা, ৰং-ৰহইচ চলে। এটা সপ্তাহ শেষ হোৱাৰ পাৰ্টি,
সপ্তাহটোৰ দুখ-ভাগৰ পাহৰি আনন্দত মগন হোৱাৰ পাৰ্টি, যৌৱনৰ উচ্ছাসত মতলীয়া হোৱা পাৰ্টি।
এনে পাৰ্টিবোৰলৈ অনুপমাও কেতিয়াবা নিমন্ত্ৰিত
হয়। তাই পিছে পৰাপক্ষত নোযোৱাকৈ থাকে। তাইৰ কিবা এটা ভাল নালাগে। সংগীত আৰু সুৰাৰ
বন্যাত উটি ভাঁহি যোৱা এই উত্তাল পাৰ্টীবোৰ তাই যেন উপভোগ কৰিব নোৱাৰে। তাইৰ ভাল
লগা পৃথিৱীখনত ইমান হুলস্থুল, ইমান কোলাহল
নাথাকে। এখন শান্ত, সমাহিত, মৰম,
চেনেহ ভৰা জগত তাই যেন বিচাৰি ফুৰে।
খোজকাঢ়ি থাকোঁতে মুখত গান এটা গুণগুণাই থকা
তাইৰ অভ্যাস। জোতাজোৰ খুলি থৈ সেউজীয়া ঘাঁহনিত খোজ দি তাই অজানিতে গান এটা
গুণগুণাবলৈ ধৰিলে।
“হাই” - পিচফালৰপৰা
এটা অপৰিচিত পুৰুষ কণ্ঠৰ মাতত সচকিত হৈ উঠিল। সেই সময়ত তাইৰ বাহিৰে ঘাঁহনিত আৰু
কোনো নাই। তাই ঘূৰি চাই দেখিলে এজন ইংৰাজ যুৱকে হাতত কিতাপ এখন লৈ তাইৰ পিনে চাই
ৰৈ আছে। তাই ঘূৰি চোৱা দেখি সি আগবাঢ়ি আহি তাৰ সোঁ হাতখন তাইৰ পিনে আগবঢ়াই দিলে।
“হাই, মই
কেভিন, তুমি ইণ্ডিয়াৰ পৰা আহিছা?” হাঁহি
মাৰি সি ক’লে।
কেভিনৰ লগত কৰমৰ্দন কৰি অনুপমাই ক’লে, “হয়। ইণ্ডিয়াৰ পৰা। মোৰ নাম অনুপমা।
আৰু তুমি?”
অনুপমাৰ নামটো কেইবাৰমান আওৰাই লৈ কেভিনে ক’লে, “অ-নু-প-মা। তোমাৰ নামটো ধুনীয়া। মই
ইয়াত গৱেষণা কৰি আছোঁ। সমগ্ৰ বিশ্বৰ অয়ল এক্সপ্ল’ৰেশ্যনৰ ইতিহাসৰ ওপৰত মই গৱেষণা
কৰি আছোঁ । ইণ্ডিয়াৰ প্ৰথম অয়ল এক্সপ্ল’ৰেশ্যনৰ ওপৰতো মই মোৰ থেচিচৰ এটা পাৰ্ট
লিখিব লাগে”।
“মই এম ফিলৰ ছাত্ৰী। মই
ছচিয়ল’জি বিভাগৰ”, অনুপমাই নিজৰ পৰিচয় দি ক’লে।
“তোমাক লগ পাই খুব ভাল লাগিল।
তুমি ডিগবৈ ক’ত জানানে?” ইংৰাজ ল’ৰাজনৰ অপ্ৰত্যাশিত প্ৰশ্নত অনুপমা যেন উচপ খাই উঠিল।
“ডিগবৈ? মানে
অসমৰ ডিগবৈ?” অনুপমাৰ মাতটো যেন অলপ কঁপি উঠিল। তাই যেন নিজৰ
কাণ দুখনকে বিশ্বাস কৰিবলৈ টান পালে। লণ্ডন চহৰৰ ওচৰৰ এখন বিখ্যাত বিশ্ববিদ্যালয়ৰ
এটা চৌহদৰ বাকৰিত এজন বিদেশী ল’ৰাই তাইক তাইৰ মৰমৰ চহৰ
ডিগবৈৰ কথা সুধিছে।
“হয়, হয়।
মই অসমৰ ডিগবৈৰ কথাই কৈছোঁ”, কেভিনে প্ৰত্যয়েৰে ক’লে।
অনুপমাৰ ওঁঠত হাঁহি বিৰিঙি উঠিল। তাইৰ মৰমৰ
চহৰখনৰ সেউজীয়াখিনি যেন তাইৰ দুচকুত ভাঁহি উঠিল।
তাই ক’লে,
“তুমি বিশ্বাস কৰিবানে নাই নাজানো। মই সেই ডিগবৈ চহৰৰ পৰাই আহিছোঁ”।
কেভিনৰ চকু দুটা উজ্জ্বল হৈ উঠিল। “অ’ মাই গড। তুমি সঁচাকৈয়ে কৈছানে? মই
সঁচাকৈয়ে খুব লাকী”। আনন্দতে তাৰ চকু দুটা যেন চলচলীয়া হৈ গ’ল। স্ফূৰ্তিতে সি অনুপমাৰ পিনে নিজৰ সোঁ হাতখন আগবঢ়াই দি আকৌ
এবাৰ তাইৰ লগত কৰমৰ্দন কৰিলে।
“মোক এবাৰ লৈ যাবানে ডিগবৈ
দেখুৱাবলৈ?” কেভিনৰ চকু দুটা জিলিকি উঠিল।
অনুপমা আচৰিত হ’ল। “তুমি ডিগবৈলৈ যাবা? কিয়?”
“মই মোৰ গৱেষণাৰ সমল বিচাৰি
যাম। মোৰ গৱেষণাৰ বাবে মই ডিগবৈলৈ যাবই লাগিব। তদুপৰি ব্যক্তিগত কিছুমান কথা
জানিবলৈ মই এদিন নহয় এদিন অসমলৈ যাবই লাগিব”। কেভিনৰ দুচকুত যেন বহুত সপোন একেলগে থুপ
খালেহি।
অনুপমা আচৰিত হ’ল। এজন অচিনাকী ইংৰাজ ল’ৰা। তাই প্ৰথম লগ
পাইছে। লগ পায়েই কৈছে তাইৰ লগত ডিগবৈ চাবলৈ যাব। ক’ব
নোৱাৰাকৈয়ে তাইৰ যেন বুকুখন দুৰুদুৰুকৈ কঁপি উঠিল।
তাইৰ মুখৰ ভাৱৰ পৰিৱৰ্তন কেভিনে ধৰিব পাৰিলে।
সি ক’লে, “তুমি হয়তো ভয়
খাইছা। মই তোমাক আজি প্ৰথম লগ পাইছোঁ আৰু প্ৰথম চিনাকীতে তোমাৰ লগত ডিগবৈলৈ যোৱাৰ
প্ৰস্তাৱ দিছোঁ। তোমাৰ মনৰ কথা মই বুজিব পাৰিছোঁ। পিছে তুমি যদি মোৰ আইতাক লগ পোৱা তোমাৰ মোৰ
ওপৰত থকা শংকাও টিলিকতে দুৰ হ’ব”।
“তোমাৰ আইতা?” অনুপমাই অবাক হৈ কেভিনলৈ চাই ৰ’ল।
কেভিনে আইতা বুলি কোৱাৰ লগে লগে তাইৰ মনত
ভাঁহি উঠিল তাইৰ নিজৰ আইতাকৰ ছবি। শুধ বগা মেখেলা চাদৰ পিন্ধা বৰ মৰম লগা আছিল
তাইৰ আইতাক। তাই সৰু থাকোঁতে লগ পাইছিল, বহু
দিনৰ আগতে। নলবাৰীৰ ওচৰৰ এখন সৰু গাওঁ পকোৱাত আইতাকৰ ঘৰ আছিল।
“মোৰ আইতা লণ্ডনত থাকে।” কেভিনৰ কথাত অনুপমা বাস্তৱলৈ ঘূৰি আহিল। “আইতাক লগ
পাই তুমি খুব ভাল পাবা। মোৰ আইতা তোমাৰ কাৰণে হ’ব এক ‘ছাৰপ্ৰাইজ’। তুমি যদি মান্তি হোৱা আজি আবেলিয়েই তেওঁক লগ
কৰিবলৈ আমি যাব পাৰোঁ। ৰেলত উঠিয়েই যাব পাৰিম”।
তাই যেন মূহুৰ্তৰ বাবে কেভিনে ক’লৈ যোৱাৰ কথা কৈছে, কাক লগ ধৰাৰ কথা কৈছে
বুজিব নোৱাৰিলে। সেইখন চহৰত ডেকা এজনে গাভৰু ছোৱালী এজনীক ফুৰিবলৈ লগ ধৰাটো একো
ডাঙৰ কথা নহয়। কিন্তু এনেকৈ ফুৰিবলৈ যোৱাটোকে একোটা বিশেষ সম্পৰ্কৰ সূত্ৰপাত বুলি
গণ্য কৰা হয়। তেনে সংস্কৃতি অনুপমাৰ বাবে আচহুৱা। এজন অচিনাকী ইংৰাজ ডেকাৰ লগত
ফুৰিবলৈ ওলাই যোৱাটো অনুপমাৰ বাবে সপোনৰ অগোচৰ।
“মই তেনেকৈ আউটিঙলৈ নাযাওঁ।
মোক বেয়া নাপাবা”। তাই পোনপেটীয়াকৈ ক’লে।
কেভিনে লগে লগে মাত লগালে। “মই বুজিছোঁ। পিছে তোমাক মই নিশ্চয়কৈ ক’ব
পাৰোঁ, আইতাক লগ পালে তুমি অবাক হৈ যাবা। আইতায়ো তোমাক লগ
পাই খুব ভাল পাব। মই আজিয়েই আইতাক ক’ম তোমাৰ কথা। আইতাই
অহা-যোৱা কৰিব পৰা অৱস্থাত থাকিলে ময়েই তেওঁক লৈ আহিলোঁহেতেন। পিছে আজি দুবছৰৰ পৰা
তেওঁ বিছনাতে পৰি আছে।”
অনুপমাই ঠিক বুজিব নোৱাৰিলে কেভিনৰ আইতাকে
তাইক লগ পাই কিয় খুব ভাল পাব। কেভিনে কি কাৰণে তাৰ আইতাকক তাইৰ বাবে এক ছাৰপ্ৰাইজ
বুলি ক’লে? কিহৰ কাৰণে আইতাকক
লগ পাই তাই অবাক হৈ যাব? কিবা যেন এক ৰহস্যৰ আৱৰ্তলৈ কেভিনে
তাইক লৈ যাবলৈ বিচাৰিছে।
কিন্তু কিয় জানো, কেভিনৰ প্ৰত্যয়ভৰা কথাখিনিত তাইৰ বিশ্বাস হ’ল। তাৰ ‘ছাৰপ্ৰাইজ’ আইতাকক
এবাৰ লগ পাবলৈ তাইৰ মন গ’ল। তাই অনুভৱ কৰিলে কেভিনৰ আইতাকৰ
বিষয়ে জানিবলৈ তাইৰ আগ্ৰহ উপজিছে।
অনুপমাই একো নমতা দেখি কেভিনে ক’লে, “ঠিক আছে, আজিয়েই
বাৰু যাব নালাগে। তুমি কথাটো ভাবি চোৱা। এইটো লোৱা মোৰ ফোন নম্বৰ। তুমি মন ঠিৰাং
কৰিলে মোলৈ ফোন কৰিবা”। কেভিনে জেপৰ পৰা তাৰ নাম, ঠিকনা, ফোন নম্বৰ থকা কাৰ্ড এখন উলিয়াই
তাইৰ হাতত দিলে।
কাৰ্ডখন হাতত লৈ অনুপমাই ক’লে, “মই এতিয়াই নিশ্চয়তা নিদিওঁ। মোক
ভাবি চাবলৈ সময় লাগিব”।
“কোনো অসুবিধা নাই। তুমি নিজৰ
সময় লোৱা। মই পিছে বৰ আশা কৰিছোঁ যে তোমাৰ পৰা সহায় পাম”।
অনুপমা অলপ অপ্ৰস্তুত হ’ল। “মই যে বিশেষ কিবা সহায় কৰিব পাৰিম, মই নাভাবোঁ”।
কেভিনে তাইৰ পিনে চাই হাঁহিলে।
“তুমি হয়তো নিজেও ডিগবৈৰ কথা
কিছু জানা। মই সেই কথাবোৰকে তোমাৰ পৰা শুনিব বিচাৰো। পিছে আজি নহয়। এতিয়া মই গিৰ্জালৈ
প্ৰাৰ্থনাৰ কাৰণে যাম। অহা সপ্তাহত তোমাৰ হাতত যেতিয়াই সময় থাকিব, মোলৈ এটা ফোন কৰিবা। তোমাৰ লগত মই কথা পাতিম”।
কথাখিনি কৈ তাইৰ প্ৰতিক্ৰিয়ালৈ অপেক্ষা নকৰি
কেভিনে তাৰ গহীন খোজ কেইটাৰে গিৰ্জাৰ পিনে পোনালে। অনুপমাই কিছুপৰ সি যোৱাৰ পিনে
চাই থাকিল। ওখ-পাখ সোণালী চুলিৰ দেখনিয়াৰ ডেকা ল’ৰা কেভিন। মুখমণ্ডলত পাতলকৈ ট্ৰিম কৰা দাঢ়ি। কথা-বতৰা মাৰ্জিত। তাৰ দুচকুত
যেন কিবা এটা সন্মোহিনী শক্তি আছে।
অনুপমাই মনতে ভাবিলে, অহা সপ্তাহত সময় অলপ উলিয়াব লাগিব।
No comments:
Post a Comment