Saturday, January 16, 2016

খণ্ড ৪

ঘৰটোৰ দুৱাৰদলিত থিয় হৈ কেভিনে কলিং বেলটো বজাই দিলে। এগৰাকী মহিলাই দুৱাৰ খুলি দিলে। অনুপমাই মন কৰিলে আনুমানিক ত্ৰিশোৰ্ধ বয়সৰ মহিলা গৰাকী দেখিবলৈ শুৱনি।
কেভিনে মহিলা গৰাকীক অনুপমাৰ লগত চিনাকী কৰি দিলে, “এয়া এঞ্জেলা। আইতাৰ পৰিচাৰিকা। এওঁ দিনে ৰাতিয়ে আইতাৰ চোৱা চিতা কৰে। আৰু এঞ্জেলা, এয়া অনুপমা। আমি একেখন বিশ্ববিদ্যালয়ত আছোঁ
এঞ্জেলাই হাঁহি মাৰি অনুপমাৰ লগত কৰমৰ্দন কৰিলে। আহা, ভিতৰলৈ আহা। আইতাই তোমালোকলৈকে অপেক্ষা কৰি আছে”, এই বুলি তাই দুয়োকে ভিতৰলৈ লৈ গল।
কেভিনৰ পিছে পিছে অনুপমা পোনে পোনে আইতাকৰ শোৱনি কোঠালৈ সোমাই গল।
আইতা, মোৰ মৰমৰ আইতা”, এই বুলি কেভিনে বিচনাত পৰি থকা আইতাকৰ সাৱট মাৰি ধৰিলে। আইতাকে মোৰ সোনটোবুলি কৈ তাক কেইবাটাও চুমা খালে।
অনুপমাৰ পিনে চকু পৰাত আইতাকে কলে, “’, এইজনীয়েই অসমৰ পৰা অহা অসমীয়া ছোৱালী জনী নহয় নে? অলপ ওচৰলৈ আহাচোন
অনুপমাই দেখিলে কেভিনৰ আইতাক বিচনাত শুই থকা এগৰাকী মৰম লগা বৃদ্ধা। পিন্ধনত এটা ফুট ফুটীয়া দীঘল গাউন। গালৰ ছাল সোঁতোৰা সোঁতৰি। বয়স কিমান হৈছে ধৰিব নোৱাৰি যদিও এশ বছৰৰ ওচৰা ওচৰিও হব পাৰে যেন লাগিল তাইৰ। পিছে চকু দুটা অতি উজ্জ্বল। হাঁহি থকা মুখ খনে মানুহ জনীক অতি শুৱনি কৰি তুলিছে।
এয়া মোৰ আইতা। আইতাৰ বয়স হৈছে। কিন্তু এতিয়াও আইতাৰ মগজুটো এতিয়াও যথেষ্ট ভালে আছে। আইতাৰ এতিয়াও বহুত পুৰণি কথা মনত আছে। তুমি আইতাৰ ওচৰতে বহাকেভিনে অনুপমাক আইতাকৰ ওচৰত সহজ কৰি দিবলৈ চেষ্টা কৰিলে। তাই ধীৰ খোজেৰে বুঢ়ী মানুহ গৰাকীৰ ওচৰ পালেগৈ।
অনুপমাৰ গায়ে মুৰে হাঁত ফুৰাই আইতাকে কলে, “মোৰ নাম নেন্সি। তুমি মোক আইতা বুলিয়ে মাতিবা। তোমাৰ নামটো মোক কেভিনে কৈছিল। কি আছিল জানো….অনুঅনু…..”তেওঁ নামটো মনত পেলাবলৈ যত্ন কৰিলে।
অনুপমা, মোৰ নাম অনুপমা’, অনুচ্ছ স্বৰত অনুপমাই কলে।
অনুপমা। বৰ ধুনীয়া নামআইতাকৰ চকু দুটা যেন কিবা এক অবুজ আবেগত সেমেকি উঠিল। তেওঁ লাহে লাহে কলে, “মোৰ এজনী বন্ধু আছিল। তাইৰ নাম আছিল অনুৰাধা। আমি ৰাধা বুলি মাতিছিলোঁ। সেয়া বহু যুগৰ আগৰ কথা
অনুৰাধা”? অনুপমাৰ দেহৰ মাজেৰে যেন এসোঁতা বিজুলী পাৰ হৈ গল।
অনুৰাধা ভাৰতীয় আছিল নেকি? আপুনি কেতিয়াবা ভাৰতলৈ গৈছে নেকি আইতা”? বয়সিয়াল মানুহ জনীৰ কাষতে বহি লৈ অনুপমাই সুধিলে।
অনুপমাৰ হাত এখন নিজৰ হাতৰ মুঠিত লৈ আইতা গৰাকীয়ে কলে, “এৰা অনুৰাধা ভাৰতীয় আছিল, তাই অসমীয়া আছিল। এসময়ত তাই মোৰ বেষ্ট ফ্ৰেণ্ড আছিল
অসমীয়া আছিল? তাৰ মানে আপুনি আগতে অসমলৈ গৈছে ?”, অনুপমাৰ কণ্ঠত বিস্ময়।
মই বহুদিন অসমতে আছিলোঁ। মোৰ জন্মই হৈছিল অসমত। ডিব্ৰুগড়ত”, অনুপমাক আচৰিত কৰি তেওঁ অসমীয়াতে কৈ পেলালে, “মই অসমক খুব ভাল পাওঁ
বুঢ়ী মানুহজনীৰ মুখত অসমীয়া শুনি অনুপমাৰ ভৰিৰ তলৰ মাটিখিনি যেন কঁপি উঠিল। তাইৰ সৰ্ব শৰীৰ শিহঁৰিত হৈ উঠিল। তাই যেন এক পুৰণি ইতিহাসৰ পাত লুটিয়াবলৈ আগবাঢ়িছে, এনে লাগিল তাইৰ।
আকৌ ইংৰাজীতে তেওঁ লাহে লাহে কৈ গ, “মোৰ শৈশৱ পাৰ হৈছিল ডিব্ৰুগড়ত, মাকুম, ডিগবৈতকথা কোৱাৰ লগে লগে তেওঁ যেন এখন বেলেগ পৃথিৱীত প্ৰৱেশ কৰিবলৈ ধৰিলে। তেওঁৰ মন যেন উভতি গল বহু বছৰ আগৰ অসমলৈ।
অসমত এতিয়া আপোনাৰ কোনোবা আপোন মানুহ আছেনে”? অনুপমাই সুধিলে।
বুঢ়ী মানুহজনীয়ে ইতিমধ্যে এখন বেলেগ জগতত বিচৰণ কৰিবলৈ আৰম্ভ কৰিছিল।
মোৰ দেউতা আছিল ডাক্তৰ। আমাৰ পৰিয়ালটো প্ৰথমতে ডিগবৈত আছিল। সেই সময়ত ডিগবৈৰ আশে পাশে তেল খাদ খন্দাৰ কাৰণে এক অভিনৱ ব্যস্ততা হৈছিল
তাৰ মানে আইতা, সেয়া হয়তো ডিগবৈ শোধনাগাৰ স্থাপন হোৱাৰো আগৰ সময়ৰ কথা। ১৯০০ চনত ডিগবৈ শোধনাগাৰ আৰম্ভ হৈছিলঅনুপমাই কলে।
আইতাকে মুৰ দুপিয়ালে। তেওঁ কৈ গল। মই চন, তাৰিখ বোৰ পাহৰিলোঁ। সেই সময়ত তেলৰ কাৰণে মাটি খন্দা কাম কৰিবলৈ বহুতো বনুৱা ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আহিছিল। অসমৰ মানুহো আছিল। মানুহ বোৰে খেতি বাতি এৰি কোম্পানীৰ কাম কৰিবলৈ আহিছিল
অনুপমাৰ মনৰ চকুত ভাঁহি উঠিল তাই সৰুৰে পৰা শুনি অহা সেই হাতীৰ ভৰিত তেল লাগি অহাৰ ঘটনাটো। হাতীৰ ভৰিত লাগি অহা তেল বিচাৰি গৈ অৰণ্যৰ মাজত খনিজ তেলৰ সন্ধান পোৱা গৈছিল। তাই কল্পনা কৰিলে এজাক বনুৱাই ডাঙৰ ডাঙৰ পাইপ মাটিৰ তললৈ সুমুৱাই গৈ আছে আৰু এসময়ত ফোৱাৰাৰ দৰে মাটিৰ তলৰ তেল বাহিৰ হৈ আহিছেসেই তেলত তিতি বুৰি বনুৱা সকল আনন্দত মতলীয়া হৈছে।
 “কোম্পানীৰ বিষয়াবোৰৰ বেমাৰ হলে মোৰ দেউতাই চোৱা চিতা কৰিছিল। দেউতাক তেওঁলোকে লেম চাহাব বুলি কৈছিল। দেউতাক তেওঁলোকে খুব ভাল পাইছিলআইতাকে কৈ গল।
তাৰ মানে আপোনালোকে ডিগবৈত বহুদিন আছিল নহয়নে আইতা”, অনুপমাই সুধিলে।
নাই, দেউতা ডিগবৈত বেছিদিন থকা নাছিল। ডিগবৈত থকাটো মোৰ জন্মৰ আগৰ কথাএই বুলি আইতাক অলপ ৰল।
ডিব্ৰুগড়ত এখন মেডিকেল স্কুল এখন আৰম্ভ হৈছিল। কি নাম আছিল জানো মোৰ মনতেই নপৰে”, আইতাকে বহুদিনৰ পুৰণি কথা মনত পেলাবলৈ চেষ্টা কৰিলে।
বেৰী হোৱাইট মেডিকেল স্কুল নেকি আইতা?”
আইতাকৰ মুখ খন উজ্বলি উঠিল। তুমি ঠিকেই কৈছা। সেইখন বেৰী হোৱাইট মেডিকেল স্কুলেই আছিল। সেইখন আৰম্ভ হোৱাৰ পিছত দেউতাই তাত যোগদান কৰিলে আৰু আমাৰ পৰিয়ালটো ডিব্ৰুগড়ত থাকিবলৈ লয়। মোৰ জন্মও ডিব্ৰুগড়তে
অনুপমাই মন কৰিলে ডিব্ৰুগড়ৰ নাম লোৱাৰ লগে লগে তেওঁৰ মুখমণ্ডল যেন পোহৰ হৈ উঠিল।
ডিব্ৰুগড় চাহ বাগিচাৰ মাজত নদীৰ পাৰত থকা এখন মনোৰম ঠাই আছিলএতিয়া চাগে ডিব্ৰুগড় বহুত ডাঙৰ হতেওঁৰ এটা হুমুনিয়াহ ওলাই আহিল। হয়তো ডিব্ৰুগড়ৰ স্মৃতিয়ে আমনি কৰিলে।
পিছ মূহুৰ্ততে তেওঁ আকৌ উচ্ছাসত কবলৈ ধৰিলে, “আমি ডিব্ৰুগড়তে ডাঙৰ দীঘল হৈছিলোঁ। দেউতাই কামৰ কাৰণে মাকুম, ডিগবৈ, চাবুৱা, মাৰ্ঘেৰিটা আদিতো ঘুৰি ফুৰিছিল। আমিও দেউতাৰ লগত সেইবোৰ ঠাই দেখা পাইছিলোঁকথা কেইটা কোৱাৰ লগে লগে অতীতৰ ঘটনা বোৰ এটা এটাকৈ যেন তেওঁৰ চকুত ভাঁহি আহিল।
দেউতা ডাক্তৰ হোৱা কাৰণে বহুত ধৰণৰ মানুহ আমাৰ ঘৰলৈ আহিছিল। হস্পিতালৰ পৰা আহি ঘৰতো দেউতাই ৰোগী চাব লগীয়া হৈছিল। স্থানীয় মানুহ বোৰে দেউতাক আৰু আমাৰ পৰিয়ালটোক খুব ভাল পাইছিল। প্ৰায় সকলো উত্সৱতে সকলোতে আমাক নিমন্ত্ৰণ কৰিছিল। পূজাৰ প্ৰসাদ, পায়স, বিহুৰ পিঠা এইবোৰৰ যে কি অপূৰ্ব সোৱাদ আছিলসেই অপূৰ্ব সোৱাদ যেন তেওঁ জিভাৰে আকৌ এবাৰ অনুভৱ কৰিবলৈ চেষ্টা কৰিলে।
তুমি বিহু নাচিব জানানে”? আইতাকৰ প্ৰশ্নটোত অনুপমা যেন উচপ খাই উঠিল। এটা আবেগে তাইৰ ডিঙিলৈ আহি যেন তাইক বাকৰুদ্ধ কৰি পেলালে। তাই মুৰ দুপিয়ালে। তাই বিহু নাচিব জানে। আইতাকৰ চকু দুটাই যেন আনন্দত তিৰবিৰাই উঠিল।
অনুপমাই যেন নিজৰ কাণ দুখনকে বিশ্বাস কৰিবলৈ টান পালে যেতিয়া ময়ো বিহু নাচিব জানোবুলি বুঢ়ী মানুহজনীয়ে এখন হাত ডাঙি বিহু নাচৰ হাতৰ মুদ্ৰা এটা কৰি দেখুৱালে। তাই মানুহজনীক আইতাবুলি কৈ সাৱটি ধৰিলে। তাইৰ চকু পানী ওলাই গল।
মোক এপাক বিহু নাচি দেখুৱাবা নে?” মানুহজনীয়ে মুখত এটা হাঁহি লৈ অনুপমাৰ পিনে চাই ৰল।
মই কেভিনক কৈ কেইটামান বিহুগীত ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰি ৰাখিছোঁ। কেভিন, তুমি কম্পিউটাৰটো খুলি বিহুগীত এটা বজাই দিয়াচোন। তাই নাচিব
কিছু সময়ৰ কাৰণে অনুপমা যেন স্তব্ধ হৈ ৰল। লণ্ডনৰ এটা ইংৰাজ পৰিয়ালৰ শোৱনি কোঠাৰ কম্পিউটাৰৰ স্পীকাৰত বিহুগীত বাজি উঠিল।
ভুপেন হাজৰিকাৰ গান। বিহুৰেও বিৰিণা অআইতা, কেৰুমণি থুৰীয়া…..’
অনুপমাই কেতিয়াও কল্পনা কৰিব নোৱাৰা এক ঘটনা। কেভিনে কোৱাৰ দৰে তাইৰ কাৰণে সঁচাকৈয়ে এটা ডাঙৰ চাৰপ্ৰাইজগীতটোৰ তালে তালে কেভিনে হাত চাপৰি মাৰিলে। তাইক সি নাচিবলৈ উত্সাহ দিলে। তাই অলপ সময়ৰ কাৰণে আবেগ বিহ্বল হৈ উঠিল।
গাত মেৰিয়াই লৈ যোৱা চুটি স্কাৰ্ফ খন ককালত গামোচাৰে টঙালি বন্ধাৰ দৰে মেৰিয়াই তাই বিহু নাচিবলৈ ললে। আইতাকৰ ওঁঠত হাঁহি বিৰিঙি উঠিল।
বিহুগীতৰ তালে তালে অনুপমাই নাচি থাকোঁতে কেভিন আইতাকৰ ওচৰ চাপি আহিল। আইতাকৰ চকুজুৰি জাপ খাই গৈছিল। কেভিনে ভাবিছিল, গান শুনি শুনি মগন হৈ তেওঁ চকু দুটা মুদি দিছিল। গাত হেঁচুকি দিহে সি গম পালে যে আইতাক টোপনিত ঢলি পৰিছে। বয়স বছি হোৱা বাবে এটা নিৰ্দিষ্ট সময়ৰ মুৰে মুৰে অৱসাদে তেওঁক গ্ৰাস কৰি টোপনিৰ কোলাত শুৱাই দিয়ে।
আইতাকৰ গাত লোৱা কাপোৰখন ভালদৰে জাপি দি কেভিনে অনুপমালৈ ইঙ্গিত কৰিলে যে আইতাক ইতিমধ্যে শুই পৰিছে। অনুপমাই নাচি থকাৰ পৰা ৰৈ দিলে। তাইৰ ককালত বান্ধি লোৱা স্কাৰ্ফ খন গাত মেৰিয়াই ললে।
শুই থকা বুঢ়ী মানুহ জনীৰ ওচৰলৈ আহি তাই কিছুপৰ তেওঁলৈ চাই ৰল। তাই যেন মনে মনে তেওঁক নিজৰ আইতাকৰ লগত ৰিজাই চালে।
কেভিনে বাজি থকা গানটো বন্ধ কৰি দিলে। লা আমি বহা কোঠালৈ গৈ কথা পাতোঁ”, এইবুলি সি অনুপমাক বহা কোঠালৈ লৈ গল। এঞ্জেলাক সি আইতাকৰ শোৱনি কোঠাত থাকিবলৈ নিৰ্দেশ দিলে।
বহা কোঠাত সি অনুপমাৰ মুখলৈ চাই সুধিলে, “মোৰ চাৰপ্ৰাইজকেনে লাগিল তোমাৰ”?

অনুপমাই চকুৰ চেলাউৰি যোৰ ওপৰলৈ কৰি মুখ টিপিয়াই হাঁহিলে। তাই বুজালে যে তাই মানি লৈছে যে সেয়া সঁচাকৈয়ে এটা ডাঙৰ চাৰপ্ৰাইজআছিল। তাই নিজৰ গাটো চোফা খনত এৰি দিলে। তাই যেন মনৰ মাজত এক অপূৰ্ব আমেজ অনুভৱ কৰিলে। তাই চকু দুটা মুদি দিলে। সেই আমেজতে তাই যেন কিছুপৰ থাকিব বিচাৰিলে।

No comments:

Post a Comment