আইতাক শুই উঠাত পলম হ’ল। আবেলি সময়ত
তেওঁ সাৰ পালে। এঞ্জেলাই তেওঁৰ মুখ ধুৱাই দিলে। তেওঁ কেভিন আৰু অনুপমাৰ খবৰ ল’লে। সেই সময়ত
বহা কোঠাত হেলনীয়া চকীত পৰি কেভিনে আৰু আৰামী চোফাত আউজি অনুপমায়ো তন্দ্ৰাৰ আমেজ
লৈ আছিল। এঞ্জেলাই জানিছিল যে আইতাকক খুৱাইহে খাবলৈ অনুপমা ৰৈ আছিল। সেয়ে তাই
পোনেই গৈ অনুপমাক জগাই দিলে আৰু আইতাকক আহি ক’লে, “ভাৰতীয় ছোৱালী
জনীয়ে আপোনাৰ কাৰণে বৰ সুন্দৰ খাদ্য এটা বনাইছে। ভাৰতীয় খাদ্য। আপোনাক খুৱাবলৈ তাই
নোখোৱা নোবোৱাকৈ ৰৈ আছে”।
খোৱাৰ বাবে সাজু কৰিবলৈ তাই বিচনাখনৰ মুৰৰ পিনে থকা অংশটো হেন্দেল এডাল পকাই
অলপ উঠাই এঢলীয়া কৰি দিলে।
অনুপমাই এবাটি পায়স লৈ আইতাকৰ ওচৰ পালেহি।
“মই বুঢ়ী মানুহ। টোপনি ধৰে। তুমি মোৰ কাৰণে কিয় ৰৈ আছা?” অনুপমাক দেখি
আইতাকে মাত লগালে।
তাই একো নকৈ তেওঁৰ ওচৰত বহিল। খোৱাৰ বাবে এঞ্জেলাই বুকুৰ
ওপৰত পিন্ধাই দিয়া প্লাষ্টিকৰ আৱৰণ খন খন ঠিক ঠাক কৰি লৈ তাই এচামুচ পায়স আইতাকৰ
মুখত ভৰাই দিলে। এক স্বৰ্গীয় তৃপ্তিত আইতাকে চকু দুটা মুদি দিলে। মুখত থকা পায়স
খিনি চোবাই খাওঁতে তেওঁৰ কিছু সময় লাগিল।
তেওঁ অনুপমাৰ মুখলৈ চাই হাঁহি এটা মাৰি সুধিলে, “পায়স”? অনুপমাই মুৰ
দুপিয়ালে। তাইৰ বৰ ৰং লাগিল, ইমান বছৰৰ পিছতো পায়সৰ সোৱাদ আইতাকৰ মনত আছে। তাইৰ চকুজুৰি
আবেগত সেমেকি উঠিল।
দুচামুচ মান খাই তেওঁ অনুপমাক ক’লে, “কিমান দিনৰ
পিছত যে পায়সৰ সোৱাদ পাইছোঁ। তোমাক বহুত ধন্যবাদ, অনুপমা”। অনুপমাৰ
চকুজুৰি চলচলীয়া হৈ উঠিল। তাই আৰু এচামুচ পায়স আগবঢ়াই দিলে।
আইতাকে ক’লে, ‘তুমি কষ্ট কৰিব নালাগে। মোক এঞ্জেলাই লাহে লাহে খুৱাই দিব।
তুমি খাই লোৱা’। অনুপমাই তথাপিও
চামুচ খন আইতাকৰ মুখত ভৰাই দি থোকা থুকি মাতেৰে ক’লে, ‘মই আপোনাক
এইদৰে খুৱাবলৈ পাই কিমান যে তৃপ্তি পাইছোঁ, সেয়া কেনেকৈ
বুজাম আইতা”?
কেইচামুচ মান খুৱাই দি নিজৰ বাতিটো লৈ অনুপমা আইতাকৰ ওচৰতে
বহিল। এচামুচ এচামুচ কৈ তাই আইতাকক খুৱাই থাকিল আৰু নিজেও খাই থাকিল। পায়স খিনি
তেওঁ তৃপ্তিৰে খাই থকালৈ চাই তাইৰ মন ভৰি পৰিল। কেই চামুচ মান খোৱাৰ পাছত আইতাকে
তাইক ইঙ্গিত কৰিলে যে তেওঁ আৰু খাব নোৱাৰে। এঞ্জেলাই বাতিটো ঢাকোন মাৰি কাষৰ
টেবুলত থৈ দিলে।
অনুপমাই আইতাকৰ মুখ খন মচি দি পানী খুৱাই দিলে। আইতাকে গাত
অলপ বল পাই বহিবলৈ বিচাৰিলে। এঞ্জেলা আৰু কেভিনৰ সহায়ত অনুপমাই তেওঁক পিঠিত গাৰুৰ
ভেজা দি বহুৱাই দিলে।
আইতাকৰ ওচৰত আৰামকৈ বহি লৈ অনুপমাই ক’লে, “আইতা, আজি মোৰ আপোনাক
লগ পাই সঁচাকৈয়ে খুব ভাল লাগিল। আপোনাৰ কথা আৰু শুনিবলৈ মন গৈ আছে।“
আইতাকে মিচিকিয়াই হাঁহিলে। “মোৰ কথা কি
শুনিবা। মোৰ হে অসমৰ কথা শুনিবলৈ মন গৈছে”।
“আপুনি কেতিয়া ভাৰতৰ পৰা ইংলেণ্ডলৈ আহিল”? বৰ আগ্ৰহেৰে
অনুপমাই তেখেতৰ মুখলৈ চাই ক’লে।
তাইৰ গাত হাত বুলাই তেওঁ ক’বলৈ ধৰিলে, “সেয়া বহুত
পুৰণি কথা। আমেৰিকাই জাপানত যে বোমা পেলাইছিল, সেইখন যুদ্ধৰ
সময়ৰ কথা”।
“আইতা, সেয়া চাগে দ্বিতীয় বিশ্ব যুদ্ধৰ সময় আছিল”। অনুপমাই মাত
লগালে।
“এৰা। ঠিকেই কৈছা। সেয়া আছিল দ্বিতীয় বিশ্ব যুদ্ধৰ সময়। সেই
সময়ত গোটেই পৃথিৱীতে যুদ্ধৰ হাহাকাৰ, ইংলেণ্ডতো। আনপিনে তেতিয়া ভাৰতত ইংৰাজৰ
বিৰুদ্ধে ভাৰতৰ স্বাধীনতা আন্দোলন হৈছিল। কুইট ইণ্ডিয়া আন্দোলন। আমাক ভাৰত এৰি
যাবলৈ কোৱা হৈছিল”।
আইতাক অকণ মান সময় ৰ’ল। অনুপমাই
তেওঁৰ ওঁঠৰ কাষৰ লেলাৱতি খিনি কাপোৰ এখনেৰে মচি দিলে। তাই অনুভৱ কৰিবলৈ চেষ্টা
কৰিলে কিছুমান মানুহৰ কাৰণে ভালপোৱা মৰমৰ দেশ এখন এৰি অহাটো কিমান চাগে হৃদয়
বিদাৰক হ’ব
পাৰে। ভাৰতক ভাল পোৱা কিমান ইংৰাজে হয়তো এবুকু দুখ বুকুত বান্ধি লৈ ভাৰত এৰি আহিব
লগীয়া হৈছিল।
“ভাৰততকৈ ইংলেণ্ডত যুদ্ধৰ প্ৰকোপ বহুত বেছি আছিল। জাৰ্মান
সকলে ইংৰাজ সকলৰ অৱস্থা শোচনীয় কৰি পেলাইছিল। বহুত মানুহ মৰিছিল। বহুতো সৈনিক, সাধাৰণ মানুহ
কেম্প বোৰত চিকিত্সাধীন হৈ আছিল। সেই সময়ত যুদ্ধত আহত লোক সকলৰ চিকিত্সাৰ কাৰণে
বহুতো ডাক্তৰ,
নাৰ্চৰ দৰকাৰ হৈছিল। মোৰ দেউতা আছিল ডাক্তৰ, মই আছিলোঁ
নাৰ্চ। আমালৈও ইংলেণ্ডৰ পৰা তলব আহিছিল। আমি ইংলেণ্ডলৈ আহিবলৈ বাধ্য হৈছিলোঁ”, কৈ কৈ তেওঁ অলপ
পৰ চকু মুদি দিলে। অনুপমাৰ এনে লাগিল, তেওঁ যেন উভতি গৈছে নিজৰ বৰ্ণময় অতীতলৈ।
“আপুনি বাধ্যত পৰিহে ঘুৰি আহিছিল নহয়নে আইতা”?
“এৰা, আমি ঘুৰি আহিম বুলি কেতিয়াও ভবাই নাছিলোঁ। অসমত থকা দিন
কেইটা মোৰ এনে লাগিছিল যেন সেইখনেই মোৰ নিজৰ দেশ। দেউতা ডাক্তৰ আছিল কাৰণে বহুত
অসমীয়া মানুহ তেওঁৰ ওচৰলৈ আৰু আমাৰ ঘৰলৈ আহিছিল। তুমি বিশ্বাস কৰিবানে? আমি অসমত থকা
সময়চোৱাত মোৰ দেউতাই অসমীয়া মাত কথা শিকি প্ৰায় অসমীয়া হৈ পৰিছিল”।
অনুপমাৰ মুখত হাঁহি বিৰিঙি উঠিল। অসমীয়াত কথা কোৱা ইংৰাজ
এজনৰ কল্পনা কৰি তাই যেন ৰোমাঞ্চিত হৈ পৰিল। তাইৰ মনটোও যেন উৰি যাব বিচাৰিলে
অতীতৰ সেই দিন বোৰলৈ।
“আপুনি লগ পোৱা অসমীয়া মানুহ বোৰৰ কথা মনত আছেনে”?
“আছে, আছে। কেইজনমানৰ কথা মনত আছে। কিন্তু বেছিভাগৰ কথাই
পাহৰিলোঁ। মোৰ আটাইতকৈ ভাল বান্ধৱী আছিল অনুৰাধা”। তেওঁ অনুপমাৰ
মুখলৈ চাই হাঁহিলে।
“তুমি জানানে, অনুৰাধা আৰু মই একেলগে বিহুও নাচিছিলোঁ”। বিহু নচা কথাটো
কওঁতে যেন তেওঁ লাজ লাজকৈ হাঁহিলে।
অনুপমাই আগ্ৰহেৰে তেওঁৰ মুখলৈ চালে। “অনুৰাধা এতিয়াও
জীয়াই আছেনে?
তেওঁৰ কিবা খবৰ পায়নে?”
“নাই, নাপাওঁ। তাই কেতিয়াবাই হেৰাই গ’ল”। তেওঁৰ মুখেৰে
এটা হুমুনিয়াহ ওলাই আহিল।
তেওঁ হঠাতে অনুপমাৰ হাতখন নিজৰ হাতৰ মুঠিত লৈ ক’লে, “তুমি মোক অনুৰাধাৰ খবৰ এটা আনি দিব পাৰিবানে”? এক ভাষাহীন কৰুণ দৃষ্টিৰে তেওঁ অনুপমালৈ চাই ৰ’ল। অনুপমাই একো উত্তৰ দিব নোৱাৰিলে। আইতাকৰ চকুজুৰিলৈ চাই তাই ভাবিলে, সঁচাকৈয়ে পাৰিবনে তাই অনুৰাধাৰ কিবা খবৰ আনি দিব?
তেওঁ হঠাতে অনুপমাৰ হাতখন নিজৰ হাতৰ মুঠিত লৈ ক’লে, “তুমি মোক অনুৰাধাৰ খবৰ এটা আনি দিব পাৰিবানে”? এক ভাষাহীন কৰুণ দৃষ্টিৰে তেওঁ অনুপমালৈ চাই ৰ’ল। অনুপমাই একো উত্তৰ দিব নোৱাৰিলে। আইতাকৰ চকুজুৰিলৈ চাই তাই ভাবিলে, সঁচাকৈয়ে পাৰিবনে তাই অনুৰাধাৰ কিবা খবৰ আনি দিব?
কেভিনে অনুপমাক চকুৰে ইঙ্গিত দিলে যাতে আইতাকৰ লগত বেছিকৈ
কথা নাপাতে। মানুহজনী আৱেগিক হৈ পৰিলে অসুবিধা হ’ব পাৰে। তেওঁৰ হৃদ
যন্ত্ৰ দুৰ্বল।
অনুপমাৰ এনে লাগিল যেন তাইৰ বহুত কথা শুনিবলৈ থাকি গ’ল। কেভিনে হয়তো
তাইৰ মনৰ কথা বুজিব পাৰিলে। সি তাইৰ ওচৰলৈ আহি ক’লে, “বলা এতিয়া মই
তোমাক বস্তু এটা দেখুৱাওঁ। আইতাই অলপ জিৰণি লওক। আমি আকৌ আইতাৰ ওচৰলৈ আহিম”।
অনুপমাই বুজিলে। তাই আইতাকৰ গাত ধৰি ক’লে, “আইতা, আপুনি এতিয়া
অলপ জিৰণি লওক। মই আকৌ এদিন আহিম আপোনাৰ লগত কথা পাতিবলৈ।
আইতাকক শুৱাই দি কেভিনে তাইক ঘৰটোৰ এটা সৰু কোঠালৈ লৈ গ’ল। এটা পুৰণি
আলমাৰিৰ পৰা কাগজেৰে মেৰিয়াই থোৱা বস্তু এটা উলিয়ালে। সি ক’লে, “এয়া চোৱা, আইতাৰ দেউতাকে
অসমৰ পৰা আহোঁতে হেনো এই বস্তুটো উপহাৰ হিচাপে পাইছিল”। কাগজৰ পৰা
বস্তুটো উলিয়াই তাই দেখিলে সেইটো তামৰ অসমীয়া জাপি। তাই জাপিটো আলফুলে চুই চালে।
তাই মনতে ভাবিলে,
ইমান পুৰণি এই জাপিটোৱে বা আৰু কিমান কাহিনী কঢ়িয়াই লৈ ফুৰিছে !
আইতাকক মাত দি ওলাই অহাৰ সময়ত অনুপমাৰ মনটো বিষাদেৰে ভৰি
পৰিল। অকল এগৰাকী পৰিচাৰিকাৰ ওপৰত ভৰসা কৰি সেই আলৰ বৃদ্ধা আইতাকক অকলে ঘৰটোত এৰি
যাবলৈ যেন তাইৰ সত নগ’ল। ভাৰতত হোৱা হ’লে তাই
কেভিনকে গালি পাৰিলেহেতেন, তাৰ অন্তৰত দয়া মমতা নাই নেকি!
এনেদৰে আইতাকক এৰি যাবলৈ তাৰ অলপো বেয়া নালাগেনে? তাৰ
মাক দেউতাকে বুঢ়ী মানুহ গৰাকীৰ একো খবৰ নাৰাখে নেকি? পিছে
এইখন দেশত এইবোৰ ব্যক্তিগত কথাত মাত মতাটো এক প্ৰকাৰ অভদ্ৰামি। কোনোবাই মাত মাতিব
বিচাৰিলেও “ইটচ নান অৱ ইয়ৰ বিজনেচ” বুলি
কথাই কথাই কৈ দিয়া মানুহৰ ইয়াত অভাৱ নাই।
তাই বিষন্ন অনুভৱ কৰিলেও কেভিনে অহাৰ সময়ৰ দৰেই গাড়ীৰ ডেকত
গান বজাই গানৰ সুৰত সুহুৰিয়াই সুহুৰিয়াই গাড়ী চলাবলৈ ধৰিলে। হাই ৱে’ত উঠাৰ
আগে আগে এঠাইত গেছ (পেট্ৰ’ল) ভৰাবলৈ সি গাড়ীখন ৰখালে।
স্বয়ংক্ৰিয় মেচিন এটাত কাৰ্ডৰ যোগেদি পইচা দি সি গাড়ীত গেছ ভৰালে।
সি অনুপমাক ক’লে, “মই
ইয়াত বিয়েৰ ল’ম। তোমাক লাগিব নেকি”?
তাই উচপ খাই উঠিল। তাই মুৰ জোকাৰিলে। তাইক নালাগে। তাইৰ
সেইবোৰ অভ্যাস নাই।
কিন্তু এই সময়ত বিয়েৰ কিয়? নিচাশক্ত
হৈ গাড়ী চলোৱাটো সেইখন দেশত এটা অপৰাধ। তাইৰ এনে লাগিল, ইমান
পৰে আপোন যেন লাগি থকা কেভিন যেন হঠাতে এজন বেলেগ মানুহ হৈ পৰিল।
কেভিনে দুটা বিয়েৰৰ বটল কিনি আনিলে। গাড়ীত বহি সি
এটা বটল খুলি দুঢোক মান খালে। অনুপমাই অন্য পিনে চাই ৰোৱা দেখি সি ক’লে, “বেয়া
নাপাবা। এতিয়া মোৰ বিয়েৰ খাবলৈ মন গৈছে। পিছে মই বেছি খাব নোৱাৰিম। মদ খাই গাড়ী
চলোৱা বুলি ধৰা পৰিলে মই জেললৈ যাব লাগিব”। তাইৰ উত্তৰলৈ
বাট নাচাই সি গাড়ী চেকুৰাই দিলে।
বাটত বতাহে আকৌ আমনি কৰিবলৈ ধৰিলে। ৰাবাৰ বেণ্ডেৰে বান্ধি
অনা স্বত্বেও অনুপমাৰ চুলিবোৰ যেনি তেনি উৰি তাইৰ মুখৰ আগত পৰি আমনি দিবলৈ ধৰিলে।
সেইবোৰলৈ তাইৰ যেন মন কান নাই। তাইৰ মন চিন্তাত বিভোৰ হৈ থাকিল। তাই কেভিনক গাড়ী
ৰখাবলৈ বা গাড়ীৰ গতিবেগ কমোৱাৰ কথাও নকলে।
অনুপমাই নিৰৱে গহীন ভাৱে থকা দেখি বাজি থকা গানটোৰ ভলিউমটো
কমাই দি কেভিনে মাত লগালে, “তুমি থিকে আছাতো”?
কেভিনৰ প্ৰশ্নটো তাই যেন বুজি নাপালে। তাইৰ মনৰ মাজত তেতিয়া
কেইবাটাও কথাই তোলপাৰ কৰি আছিল। কেভিনৰ মাতত তাই যেন চক খাই উঠিল। তাই একো নুবুজাৰ
দৰে কেভিনলৈ অলপ সময় চাই ৰ’ল।
তাই হঠাতে তাক সুধি পেলালে, “আইতাৰ
ঘৰটোৰ নাম ‘পাটকাই ভিলা’ কিয়”?
কেভিনে প্ৰথমতে তাইৰ কথা ভালদৰে নুশুনিলে। খোলা গাড়ীখনত বতাহৰ
সোঁ সোঁৱনিয়ে কথা পাতিবলৈ অসুবিধা দিছিল।
“কি কৈছা, আকৌ
এবাৰ কোৱা” বুলি সি কাণ খন তাইৰ পিনে আগবঢ়াই দিলে।
কেভিনৰ কানৰ ওচৰলৈ মুখ খন নি তাই ক’লে, “আইতাৰ
ঘৰটোৰ নাম পাটকাই ভিলা কিয়”?
কেভিনে একো নকৈ তাইৰ পিনে চাই হাঁহিলে। সন্মুখৰ ৰাষ্টাত চকু
ৰাখিয়েই সি ক’লে, “সেয়া এক
দীঘলীয়া কাহিনী। আইতাইহে ভালদৰে ক’ব পাৰিব”।
অক্সফোৰ্ড সোমোৱাৰ পিচতে পাতল কিনকিনীয়া বৰষুণ এজাক আৰম্ভ হ’ল।
কেভিনে টুপী এটা পিন্ধি ল’লে। অনুপমাকো পিন্ধিবলৈ টুপী এটা
দিলে।
“কফি একাপ খাবা নেকি? ভাল
লাগিব”। হোষ্টেললৈ ঘুৰা কেঁকুৰিটো পোৱাৰ সময়তে কফি ছপ এখনৰ সন্মুখত
কেভিনে ক’লে।
“নাই, নাখাওঁ”, মই গৈ
ৰান্ধিব লাগিব”।
“অ: মই কথাটো চিন্তাই নকৰিলোঁ। মই
মোৰ ৰুমমেটক তোমাৰ কাৰণেও ৰান্ধিবলৈ ক’ব লাগিছিল”।
অনুপমাই একো নামাতিলে। তাই ভাবিলে, কেভিনৰ
বিষয়ে তাইৰ বহুতো কথা জানিবলৈ বাকী আছে। সি ক’ত থাকে, কাৰ
লগত থাকে একোকেই নাজানে তাই। অথচ এটা সম্পূৰ্ণ দিন তাই তাৰ লগত কটাই আহিল। তাই যেন
নিজকেই বিশ্বাস কৰিব নোৱাৰিলে।
হোষ্টেলৰ সন্মুখ পাই কেভিনক “শুভ
ৰাত্ৰি” বুলি কৈ তাই গাড়ীৰ পৰা নামি নিজৰ কোঠালীলৈ
খোজ ল’লে।
সোমবাৰৰ পৰা বৃহস্পতিবাৰৰ দুপৰীয়ালৈ আন কথা চিন্তা কৰাৰ সময়
নাথাকে অনুপমাৰ হাতত। এই দিন কেইটাৰ ভীষণ ব্যস্ততাৰ মাজতো তাইৰ মাজে মাজে কেভিন
আৰু তাৰ আইতাকৰ কথা মনলৈ আহি থাকিল।
তাই এনে অনুভৱ কৰিলে তাই যেন ইতিমধ্যে এখন নতুন দেশত প্ৰৱেশ
কৰিছে। সেই দেশখনৰ এটা মুখ্য চৰিত্ৰ হ’ল নেন্সি, কেভিনৰ
আইতাক। আনটো চৰিত্ৰ কেভিন। সেই দেশখনৰ বহুত কথা তাইৰ যেন জানিবলৈ থাকি গ’ল।
কিন্তু কি প্ৰয়োজন তাইৰ সেই দেশ খনৰ কথা জনাৰ?
আছে, কিবা প্ৰয়োজন হয়তো আছে। সেই দেশখনৰ
লগত তাইৰ জন্মভূমিৰ কথাও জড়িত হৈ আছে। এক ৰহস্যময় অতীতে তাইক যেন হাত বাউল দি
মাতিছে। তাইৰ মন গ’ল আকৌ এবাৰ আইতাকক লগ পাবলৈ, কেভিনৰ
লগত আইতাকৰ বিষয়ে কথা পাতিবলৈ।
No comments:
Post a Comment