Sunday, December 11, 2016

খণ্ড ৬

আইতাক শুই উঠাত পলম হল। আবেলি সময়ত তেওঁ সাৰ পালে। এঞ্জেলাই তেওঁৰ মুখ ধুৱাই দিলে। তেওঁ কেভিন আৰু অনুপমাৰ খবৰ ললে। সেই সময়ত বহা কোঠাত হেলনীয়া চকীত পৰি কেভিনে আৰু আৰামী চোফাত আউজি অনুপমায়ো তন্দ্ৰাৰ আমেজ লৈ আছিল। এঞ্জেলাই জানিছিল যে আইতাকক খুৱাইহে খাবলৈ অনুপমা ৰৈ আছিল। সেয়ে তাই পোনেই গৈ অনুপমাক জগাই দিলে আৰু আইতাকক আহি কলে, “ভাৰতীয় ছোৱালী জনীয়ে আপোনাৰ কাৰণে বৰ সুন্দৰ খাদ্য এটা বনাইছে। ভাৰতীয় খাদ্য। আপোনাক খুৱাবলৈ তাই নোখোৱা নোবোৱাকৈ ৰৈ আছেখোৱাৰ বাবে সাজু কৰিবলৈ তাই বিচনাখনৰ মুৰৰ পিনে থকা অংশটো হেন্দেল এডাল পকাই অলপ উঠাই এঢলীয়া কৰি দিলে।
অনুপমাই এবাটি পায়স লৈ আইতাকৰ ওচৰ পালেহি।
মই বুঢ়ী মানুহ। টোপনি ধৰে। তুমি মোৰ কাৰণে কিয় ৰৈ আছা?” অনুপমাক দেখি আইতাকে মাত লগালে।
তাই একো নকৈ তেওঁৰ ওচৰত বহিল। খোৱাৰ বাবে এঞ্জেলাই বুকুৰ ওপৰত পিন্ধাই দিয়া প্লাষ্টিকৰ আৱৰণ খন খন ঠিক ঠাক কৰি লৈ তাই এচামুচ পায়স আইতাকৰ মুখত ভৰাই দিলে। এক স্বৰ্গীয় তৃপ্তিত আইতাকে চকু দুটা মুদি দিলে। মুখত থকা পায়স খিনি চোবাই খাওঁতে তেওঁৰ কিছু সময় লাগিল।
তেওঁ অনুপমাৰ মুখলৈ চাই হাঁহি এটা মাৰি সুধিলে, “পায়স”? অনুপমাই মুৰ দুপিয়ালে। তাইৰ বৰ ৰং লাগিল, ইমান বছৰৰ পিছতো পায়সৰ সোৱাদ আইতাকৰ মনত আছে। তাইৰ চকুজুৰি আবেগত সেমেকি উঠিল।
দুচামুচ মান খাই তেওঁ অনুপমাক কলে, “কিমান দিনৰ পিছত যে পায়সৰ সোৱাদ পাইছোঁ। তোমাক বহুত ধন্যবাদ, অনুপমাঅনুপমাৰ চকুজুৰি চলচলীয়া হৈ উঠিল। তাই আৰু এচামুচ পায়স আগবঢ়াই দিলে।
আইতাকে কলে, ‘তুমি কষ্ট কৰিব নালাগে। মোক এঞ্জেলাই লাহে লাহে খুৱাই দিব। তুমি খাই লোৱাঅনুপমাই তথাপিও চামুচ খন আইতাকৰ মুখত ভৰাই দি থোকা থুকি মাতেৰে কলে, ‘মই আপোনাক এইদৰে খুৱাবলৈ পাই কিমান যে তৃপ্তি পাইছোঁ, সেয়া কেনেকৈ বুজাম আইতা”?
কেইচামুচ মান খুৱাই দি নিজৰ বাতিটো লৈ অনুপমা আইতাকৰ ওচৰতে বহিল। এচামুচ এচামুচ কৈ তাই আইতাকক খুৱাই থাকিল আৰু নিজেও খাই থাকিল। পায়স খিনি তেওঁ তৃপ্তিৰে খাই থকালৈ চাই তাইৰ মন ভৰি পৰিল। কেই চামুচ মান খোৱাৰ পাছত আইতাকে তাইক ইঙ্গিত কৰিলে যে তেওঁ আৰু খাব নোৱাৰে। এঞ্জেলাই বাতিটো ঢাকোন মাৰি কাষৰ টেবুলত থৈ দিলে।
অনুপমাই আইতাকৰ মুখ খন মচি দি পানী খুৱাই দিলে। আইতাকে গাত অলপ বল পাই বহিবলৈ বিচাৰিলে। এঞ্জেলা আৰু কেভিনৰ সহায়ত অনুপমাই তেওঁক পিঠিত গাৰুৰ ভেজা দি বহুৱাই দিলে।
আইতাকৰ ওচৰত আৰামকৈ বহি লৈ অনুপমাই কলে, “আইতা, আজি মোৰ আপোনাক লগ পাই সঁচাকৈয়ে খুব ভাল লাগিল। আপোনাৰ কথা আৰু শুনিবলৈ মন গৈ আছে।
আইতাকে মিচিকিয়াই হাঁহিলে। মোৰ কথা কি শুনিবা। মোৰ হে অসমৰ কথা শুনিবলৈ মন গৈছে
আপুনি কেতিয়া ভাৰতৰ পৰা ইংলেণ্ডলৈ আহিল”? বৰ আগ্ৰহেৰে অনুপমাই তেখেতৰ মুখলৈ চাই কলে।
তাইৰ গাত হাত বুলাই তেওঁ কবলৈ ধৰিলে, “সেয়া বহুত পুৰণি কথা। আমেৰিকাই জাপানত যে বোমা পেলাইছিল, সেইখন যুদ্ধৰ সময়ৰ কথা
আইতা, সেয়া চাগে দ্বিতীয় বিশ্ব যুদ্ধৰ সময় আছিল অনুপমাই মাত লগালে 
এৰা। ঠিকেই কৈছা। সেয়া আছিল দ্বিতীয় বিশ্ব যুদ্ধৰ সময়। সেই সময়ত গোটেই পৃথিৱীতে যুদ্ধৰ হাহাকাৰ, ইংলেণ্ডতো। আনপিনে তেতিয়া ভাৰতত ইংৰাজৰ বিৰুদ্ধে ভাৰতৰ স্বাধীনতা আন্দোলন হৈছিল। কুইট ইণ্ডিয়া আন্দোলন। আমাক ভাৰত এৰি যাবলৈ কোৱা হৈছিল
আইতাক অকণ মান সময় ৰল। অনুপমাই তেওঁৰ ওঁঠৰ কাষৰ লেলাৱতি খিনি কাপোৰ এখনেৰে মচি দিলে। তাই অনুভৱ কৰিবলৈ চেষ্টা কৰিলে কিছুমান মানুহৰ কাৰণে ভালপোৱা মৰমৰ দেশ এখন এৰি অহাটো কিমান চাগে হৃদয় বিদাৰক হব পাৰে। ভাৰতক ভাল পোৱা কিমান ইংৰাজে হয়তো এবুকু দুখ বুকুত বান্ধি লৈ ভাৰত এৰি আহিব লগীয়া হৈছিল।
ভাৰততকৈ ইংলেণ্ডত যুদ্ধৰ প্ৰকোপ বহুত বেছি আছিল। জাৰ্মান সকলে ইংৰাজ সকলৰ অৱস্থা শোচনীয় কৰি পেলাইছিল। বহুত মানুহ মৰিছিল। বহুতো সৈনিক, সাধাৰণ মানুহ কেম্প বোৰত চিকিত্সাধীন হৈ আছিল। সেই সময়ত যুদ্ধত আহত লোক সকলৰ চিকিত্সাৰ কাৰণে বহুতো ডাক্তৰ, নাৰ্চৰ দৰকাৰ হৈছিল। মোৰ দেউতা আছিল ডাক্তৰ, মই আছিলোঁ নাৰ্চ। আমালৈও ইংলেণ্ডৰ পৰা তলব আহিছিল। আমি ইংলেণ্ডলৈ আহিবলৈ বাধ্য হৈছিলোঁ”, কৈ কৈ তেওঁ অলপ পৰ চকু মুদি দিলে। অনুপমাৰ এনে লাগিল, তেওঁ যেন উভতি গৈছে নিজৰ বৰ্ণময় অতীতলৈ।
আপুনি বাধ্যত পৰিহে ঘুৰি আহিছিল নহয়নে আইতা”?
এৰা, আমি ঘুৰি আহিম বুলি কেতিয়াও ভবাই নাছিলোঁ। অসমত থকা দিন কেইটা মোৰ এনে লাগিছিল যেন সেইখনেই মোৰ নিজৰ দেশ। দেউতা ডাক্তৰ আছিল কাৰণে বহুত অসমীয়া মানুহ তেওঁৰ ওচৰলৈ আৰু আমাৰ ঘৰলৈ আহিছিল। তুমি বিশ্বাস কৰিবানে? আমি অসমত থকা সময়চোৱাত মোৰ দেউতাই অসমীয়া মাত কথা শিকি প্ৰায় অসমীয়া হৈ পৰিছিল
অনুপমাৰ মুখত হাঁহি বিৰিঙি উঠিল। অসমীয়াত কথা কোৱা ইংৰাজ এজনৰ কল্পনা কৰি তাই যেন ৰোমাঞ্চিত হৈ পৰিল। তাইৰ মনটোও যেন উৰি যাব বিচাৰিলে অতীতৰ সেই দিন বোৰলৈ।
আপুনি লগ পোৱা অসমীয়া মানুহ বোৰৰ কথা মনত আছেনে”?
আছে, আছে। কেইজনমানৰ কথা মনত আছে। কিন্তু বেছিভাগৰ কথাই পাহৰিলোঁ। মোৰ আটাইতকৈ ভাল বান্ধৱী আছিল অনুৰাধাতেওঁ অনুপমাৰ মুখলৈ চাই হাঁহিলে।
তুমি জানানে, অনুৰাধা আৰু মই একেলগে বিহুও নাচিছিলোঁবিহু নচা কথাটো কওঁতে যেন তেওঁ লাজ লাজকৈ হাঁহিলে।
অনুপমাই আগ্ৰহেৰে তেওঁৰ মুখলৈ চালে। অনুৰাধা এতিয়াও জীয়াই আছেনে? তেওঁৰ কিবা খবৰ পায়নে?”
নাই, নাপাওঁ। তাই কেতিয়াবাই হেৰাই গতেওঁৰ মুখেৰে এটা হুমুনিয়াহ ওলাই আহিল। 
তেওঁ হঠাতে অনুপমাৰ হাতখন নিজৰ হাতৰ মুঠিত লৈ কলে, “তুমি মোক অনুৰাধাৰ খবৰ এটা আনি দিব পাৰিবানে”? এক ভাষাহীন কৰুণ দৃষ্টিৰে তেওঁ অনুপমালৈ চাই ৰল। অনুপমাই একো উত্তৰ দিব নোৱাৰিলে। আইতাকৰ চকুজুৰিলৈ চাই তাই ভাবিলে, সঁচাকৈয়ে পাৰিবনে তাই অনুৰাধাৰ কিবা খবৰ আনি দিব?
কেভিনে অনুপমাক চকুৰে ইঙ্গিত দিলে যাতে আইতাকৰ লগত বেছিকৈ কথা নাপাতে। মানুহজনী আৱেগিক হৈ পৰিলে অসুবিধা হব পাৰেতেওঁৰ হৃদ যন্ত্ৰ দুৰ্বল।
অনুপমাৰ এনে লাগিল যেন তাইৰ বহুত কথা শুনিবলৈ থাকি গল। কেভিনে হয়তো তাইৰ মনৰ কথা বুজিব পাৰিলে। সি তাইৰ ওচৰলৈ আহি কলে, “বলা এতিয়া মই তোমাক বস্তু এটা দেখুৱাওঁ। আইতাই অলপ জিৰণি লওক। আমি আকৌ আইতাৰ ওচৰলৈ আহিম
অনুপমাই বুজিলে। তাই আইতাকৰ গাত ধৰি কলে, “আইতা, আপুনি এতিয়া অলপ জিৰণি লওক। মই আকৌ এদিন আহিম আপোনাৰ লগত কথা পাতিবলৈ।
আইতাকক শুৱাই দি কেভিনে তাইক ঘৰটোৰ এটা সৰু কোঠালৈ লৈ গল। এটা পুৰণি আলমাৰিৰ পৰা কাগজেৰে মেৰিয়াই থোৱা বস্তু এটা উলিয়ালে। সি কলে, “এয়া চোৱা, আইতাৰ দেউতাকে অসমৰ পৰা আহোঁতে হেনো এই বস্তুটো উপহাৰ হিচাপে পাইছিলকাগজৰ পৰা বস্তুটো উলিয়াই তাই দেখিলে সেইটো তামৰ অসমীয়া জাপি। তাই জাপিটো আলফুলে চুই চালে। তাই মনতে ভাবিলে, ইমান পুৰণি এই জাপিটোৱে বা আৰু কিমান কাহিনী কঢ়িয়াই লৈ ফুৰিছে !
আইতাকক মাত দি ওলাই অহাৰ সময়ত অনুপমাৰ মনটো বিষাদেৰে ভৰি পৰিল। অকল এগৰাকী পৰিচাৰিকাৰ ওপৰত ভৰসা কৰি সেই আলৰ বৃদ্ধা আইতাকক অকলে ঘৰটোত এৰি যাবলৈ যেন তাইৰ সত নগল। ভাৰতত হোৱা হলে তাই কেভিনকে গালি পাৰিলেহেতেন, তাৰ অন্তৰত দয়া মমতা নাই নেকি! এনেদৰে আইতাকক এৰি যাবলৈ তাৰ অলপো বেয়া নালাগেনে? তাৰ মাক দেউতাকে বুঢ়ী মানুহ গৰাকীৰ একো খবৰ নাৰাখে নেকি? পিছে এইখন দেশত এইবোৰ ব্যক্তিগত কথাত মাত মতাটো এক প্ৰকাৰ অভদ্ৰামি। কোনোবাই মাত মাতিব বিচাৰিলেও ইটচ নান অৱ ইয়ৰ বিজনেচবুলি কথাই কথাই কৈ দিয়া মানুহৰ ইয়াত অভাৱ নাই।
তাই বিষন্ন অনুভৱ কৰিলেও কেভিনে অহাৰ সময়ৰ দৰেই গাড়ীৰ ডেকত গান বজাই গানৰ সুৰত সুহুৰিয়াই সুহুৰিয়াই গাড়ী চলাবলৈ ধৰিলে। হাই ৱেত উঠাৰ আগে আগে এঠাইত গেছ (পেট্ৰল) ভৰাবলৈ সি গাড়ীখন ৰখালে। স্বয়ংক্ৰিয় মেচিন এটাত কাৰ্ডৰ যোগেদি পইচা দি সি গাড়ীত গেছ ভৰালে।
সি অনুপমাক কলে, “মই ইয়াত বিয়েৰ লম। তোমাক লাগিব নেকি”?
তাই উচপ খাই উঠিল। তাই মুৰ জোকাৰিলে। তাইক নালাগে। তাইৰ সেইবোৰ অভ্যাস নাই।
কিন্তু এই সময়ত বিয়েৰ কিয়? নিচাশক্ত হৈ গাড়ী চলোৱাটো সেইখন দেশত এটা অপৰাধ। তাইৰ এনে লাগিল, ইমান পৰে আপোন যেন লাগি থকা কেভিন যেন হঠাতে এজন বেলেগ মানুহ হৈ পৰিল।
কেভিনে দুটা বিয়েৰৰ বটল কিনি আনিলেগাড়ীত বহি সি এটা বটল খুলি দুঢোক মান খালে। অনুপমাই অন্য পিনে চাই ৰোৱা দেখি সি কলে, “বেয়া নাপাবা। এতিয়া মোৰ বিয়েৰ খাবলৈ মন গৈছে। পিছে মই বেছি খাব নোৱাৰিম। মদ খাই গাড়ী চলোৱা বুলি ধৰা পৰিলে মই জেললৈ যাব লাগিবতাইৰ উত্তৰলৈ বাট নাচাই সি গাড়ী চেকুৰাই দিলে।
বাটত বতাহে আকৌ আমনি কৰিবলৈ ধৰিলে। ৰাবাৰ বেণ্ডেৰে বান্ধি অনা স্বত্বেও অনুপমাৰ চুলিবোৰ যেনি তেনি উৰি তাইৰ মুখৰ আগত পৰি আমনি দিবলৈ ধৰিলে। সেইবোৰলৈ তাইৰ যেন মন কান নাই। তাইৰ মন চিন্তাত বিভোৰ হৈ থাকিল। তাই কেভিনক গাড়ী ৰখাবলৈ বা গাড়ীৰ গতিবেগ কমোৱাৰ কথাও নকলে।
অনুপমাই নিৰৱে গহীন ভাৱে থকা দেখি বাজি থকা গানটোৰ ভলিউমটো কমাই দি কেভিনে মাত লগালে, “তুমি থিকে আছাতো”?
কেভিনৰ প্ৰশ্নটো তাই যেন বুজি নাপালে। তাইৰ মনৰ মাজত তেতিয়া কেইবাটাও কথাই তোলপাৰ কৰি আছিল। কেভিনৰ মাতত তাই যেন চক খাই উঠিল। তাই একো নুবুজাৰ দৰে কেভিনলৈ অলপ সময় চাই ৰল।
তাই হঠাতে তাক সুধি পেলালে, “আইতাৰ ঘৰটোৰ নাম পাটকাই ভিলাকিয়”?
কেভিনে প্ৰথমতে তাইৰ কথা ভালদৰে নুশুনিলে। খোলা গাড়ীখনত বতাহৰ সোঁ সোঁৱনিয়ে কথা পাতিবলৈ অসুবিধা দিছিল।
কি কৈছা, আকৌ এবাৰ কোৱাবুলি সি কাণ খন তাইৰ পিনে আগবঢ়াই দিলে।
কেভিনৰ কানৰ ওচৰলৈ মুখ খন নি তাই কলে, “আইতাৰ ঘৰটোৰ নাম পাটকাই ভিলা কিয়”?
কেভিনে একো নকৈ তাইৰ পিনে চাই হাঁহিলে। সন্মুখৰ ৰাষ্টাত চকু ৰাখিয়েই সি কলে, “সেয়া এক দীঘলীয়া কাহিনী। আইতাইহে ভালদৰে কব পাৰিব
অক্সফোৰ্ড সোমোৱাৰ পিচতে পাতল কিনকিনীয়া বৰষুণ এজাক আৰম্ভ হল। কেভিনে টুপী এটা পিন্ধি ললে। অনুপমাকো পিন্ধিবলৈ টুপী এটা দিলে।
কফি একাপ খাবা নেকি? ভাল লাগিবহোষ্টেললৈ ঘুৰা কেঁকুৰিটো পোৱাৰ সময়তে কফি ছপ এখনৰ সন্মুখত কেভিনে কলে।
নাই, নাখাওঁ”, মই গৈ ৰান্ধিব লাগিব
অ: মই কথাটো চিন্তাই নকৰিলোঁ। মই মোৰ ৰুমমেটক তোমাৰ কাৰণেও ৰান্ধিবলৈ কব লাগিছিল
অনুপমাই একো নামাতিলে। তাই ভাবিলে, কেভিনৰ বিষয়ে তাইৰ বহুতো কথা জানিবলৈ বাকী আছে। সি কত থাকে, কাৰ লগত থাকে একোকেই নাজানে তাই। অথচ এটা সম্পূৰ্ণ দিন তাই তাৰ লগত কটাই আহিল। তাই যেন নিজকেই বিশ্বাস কৰিব নোৱাৰিলে।
হোষ্টেলৰ সন্মুখ পাই কেভিনক শুভ ৰাত্ৰিবুলি কৈ তাই গাড়ীৰ পৰা নামি নিজৰ কোঠালীলৈ খোজ ললে।
সোমবাৰৰ পৰা বৃহস্পতিবাৰৰ দুপৰীয়ালৈ আন কথা চিন্তা কৰাৰ সময় নাথাকে অনুপমাৰ হাতত। এই দিন কেইটাৰ ভীষণ ব্যস্ততাৰ মাজতো তাইৰ মাজে মাজে কেভিন আৰু তাৰ আইতাকৰ কথা মনলৈ আহি থাকিল।
তাই এনে অনুভৱ কৰিলে তাই যেন ইতিমধ্যে এখন নতুন দেশত প্ৰৱেশ কৰিছে। সেই দেশখনৰ এটা মুখ্য চৰিত্ৰ হল নেন্সি, কেভিনৰ আইতাক। আনটো চৰিত্ৰ কেভিন। সেই দেশখনৰ বহুত কথা তাইৰ যেন জানিবলৈ থাকি গল।
কিন্তু কি প্ৰয়োজন তাইৰ সেই দেশ খনৰ কথা জনাৰ?

আছে, কিবা প্ৰয়োজন হয়তো আছে। সেই দেশখনৰ লগত তাইৰ জন্মভূমিৰ কথাও জড়িত হৈ আছে। এক ৰহস্যময় অতীতে তাইক যেন হাত বাউল দি মাতিছে। তাইৰ মন গল আকৌ এবাৰ আইতাকক লগ পাবলৈ, কেভিনৰ লগত আইতাকৰ বিষয়ে কথা পাতিবলৈ।

Saturday, January 16, 2016

খণ্ড ১

ৰাতিপুৱাবোৰ সদায়েই বৰ সুন্দৰ।

দেশ বিদেশ বুলি কথা নাই, সকলোতে একেই পুৱা, একেই আমেজ।

চৰায়ে কলকলায়, আকাশ ৰঙচুৱা হয়, প্ৰভাতৰ প্ৰথম কিৰণে মন পুলকিত কৰি তোলে

অনুপমাই খিৰিকীখন খুলি দিলে। এচাটি মলয়া বতাহে তাইৰ দেহ মন চুই গ’ল !!!

জুলাই মাহৰ এটা সুন্দৰ দেওবাৰৰ ৰাতিপুৱা।

ব্ৰিটেইনৰ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ এটা চৌহদৰ বাকৰিত সেউজীয়া ঘাঁহৰ ওপৰত কোমল ৰদে দলিচা পাৰিছে। চৰাইৰ কিচমিচনিৰে গোটেইখন মুখৰিত হৈ আছে। ঘাঁহনিডৰাত কেইটামান চৰায়ে ইফালে সিফালে ঘূৰি ফুৰিছে।

ৰাতিপুৱাৰ এই সময়খিনি অনুপমাৰ বৰ প্ৰিয়।

খিৰিকীখন খুলি তাই ৰৈ নাথাকিল। সদায় ওলাই যোৱাৰ দৰে দুৱাৰখন খুলি কোমল ৰদজাকৰ লগত উমলিবলৈ, নানা বৰণৰ চৰাইবোৰ চাবলৈ মুকলি ঘাহঁনি ডৰালৈ ওলাই আহিলকেইটামান ঘনচিৰিকা, শালিকা, চাকৈচকোৱা, পাৰ আৰু নাম নজনা ৰঙচঙীয়া চৰাই সেউজীয়া ঘাহঁনিডৰাত ডেও দি দি ঘূৰি ফুৰিছে

ঘাহঁনিত সুদাভৰিৰে খোজ কাঢ়ি অনুপমাই এক অজান পুলক অনুভৱ কৰে। তাইৰ মন উৰি যাব খোজে তাই সৰুৰে পৰা ডাঙৰ হোৱা সেই নিৰিবিলি চহৰখনলৈ।

সেইখন চহৰ, তাইৰ প্ৰাণৰো প্ৰাণৰ, আপোন চহৰ। সেইখন চহৰৰ সেউজীয়াখিনি তাই যেন ইয়াতো বিচাৰি ফুৰে।

দেওবাৰে ৰাতিপুৱাৰ এই সময়খিনিত খুব কম লৰা-ছোৱালীয়ে অনুপমাৰ দৰে এইদৰে মুকলিলৈ অকলে ওলাই আহি খোজকাঢ়ি ফুৰে। বেছিভাগেই দেওবাৰটোত বহুত বেলিকৈ শুই উঠে। সপ্তাহৰ প্ৰায় গোটেই কেইদিন পঢ়া-শুনা, প্ৰজেক্ট, প্ৰেজেণ্টেচন আদি কামত ব্যস্ত হৈ থকাৰ পিছত শনিবাৰৰ আবেলিটো আৰু গোটেই দেওবাৰটো সকলোৱে যেন নিজৰ মতে কটাব খোজে

শনিবাৰে ৰাতি হোষ্টেলৰ কোঠাবোৰত বহু ৰাতিলৈ হাঁহি-খিকিন্দালি, আড্ডা, খানা-পিনা, ৰং-ৰহইচ চলে। এটা সপ্তাহ শেষ হোৱাৰ পাৰ্টি, সপ্তাহটোৰ দুখ-ভাগৰ পাহৰি আনন্দত মগন হোৱাৰ পাৰ্টি, যৌৱনৰ উচ্ছাসত মতলীয়া হোৱা পাৰ্টি

এনে পাৰ্টিবোৰলৈ অনুপমাও কেতিয়াবা নিমন্ত্ৰিত হয়। তাই পিছে পৰাপক্ষত নোযোৱাকৈ থাকে। তাইৰ কিবা এটা ভাল নালাগে। সংগীত আৰু সুৰাৰ বন্যাত উটি ভাঁহি যোৱা এই উত্তাল পাৰ্টীবোৰ তাই যেন উপভোগ কৰিব নোৱাৰে। তাইৰ ভাল লগা পৃথিৱীখনত ইমান হুলস্থুল, ইমান কোলাহল নাথাকে। এখন শান্ত, সমাহিত, মৰম, চেনেহ ভৰা জগত তাই যেন বিচাৰি ফুৰে।

খোজকাঢ়ি থাকোঁতে মুখত গান এটা গুণগুণাই থকা তাইৰ অভ্যাস। জোতাজোৰ খুলি থৈ সেউজীয়া ঘাঁহনিত খোজ দি তাই অজানিতে গান এটা গুণগুণাবলৈ ধৰিলে।

হাই - পিচফালৰপৰা এটা অপৰিচিত পুৰুষ কণ্ঠৰ মাতত সচকিত হৈ উঠিল। সেই সময়ত তাইৰ বাহিৰে ঘাঁহনিত আৰু কোনো নাই। তাই ঘূৰি চাই দেখিলে এজন ইংৰাজ যুৱকে হাতত কিতাপ এখন লৈ তাইৰ পিনে চাই ৰৈ আছে। তাই ঘূৰি চোৱা দেখি সি আগবাঢ়ি আহি তাৰ সোঁ হাতখন তাইৰ পিনে আগবঢ়াই দিলে।

হাই, মই কেভিন, তুমি ইণ্ডিয়াৰ পৰা আহিছা?” হাঁহি মাৰি সি কলে।

কেভিনৰ লগত কৰমৰ্দন কৰি অনুপমাই কলে, “হয়। ইণ্ডিয়াৰ পৰা। মোৰ নাম অনুপমা। আৰু তুমি?”

অনুপমাৰ নামটো কেইবাৰমান আওৰাই লৈ কেভিনে কলে, “অ-নু-প-মা। তোমাৰ নামটো ধুনীয়া। মই ইয়াত গৱেষণা কৰি আছোঁ। সমগ্ৰ বিশ্বৰ অয়ল এক্সপ্ল’ৰেশ্যনৰ ইতিহাসৰ ওপৰত মই গৱেষণা কৰি আছোঁ । ইণ্ডিয়াৰ প্ৰথম অয়ল এক্সপ্ল’ৰেশ্যনৰ ওপৰতো মই মোৰ থেচিচৰ এটা পাৰ্ট লিখিব লাগে

মই এম ফিলৰ ছাত্ৰী। মই ছচিয়ল’জি বিভাগৰ”, অনুপমাই নিজৰ পৰিচয় দি কলে।

তোমাক লগ পাই খুব ভাল লাগিল। তুমি ডিগবৈ কত জানানে?” ইংৰাজ লৰাজনৰ অপ্ৰত্যাশিত প্ৰশ্নত অনুপমা যেন উচপ খাই উঠিল।

ডিগবৈ? মানে অসমৰ ডিগবৈ?” অনুপমাৰ মাতটো যেন অলপ কঁপি উঠিল। তাই যেন নিজৰ কাণ দুখনকে বিশ্বাস কৰিবলৈ টান পালে। লণ্ডন চহৰৰ ওচৰৰ এখন বিখ্যাত বিশ্ববিদ্যালয়ৰ এটা চৌহদৰ বাকৰিত এজন বিদেশী লৰাই তাইক তাইৰ মৰমৰ চহৰ ডিগবৈৰ কথা সুধিছে।

হয়, হয়। মই অসমৰ ডিগবৈৰ কথাই কৈছোঁ”, কেভিনে প্ৰত্যয়েৰে কলে।

অনুপমাৰ ওঁঠত হাঁহি বিৰিঙি উঠিল। তাইৰ মৰমৰ চহৰখনৰ সেউজীয়াখিনি যেন তাইৰ দুচকুত ভাঁহি উঠিল।

তাই কলে, “তুমি বিশ্বাস কৰিবানে নাই নাজানো। মই সেই ডিগবৈ চহৰৰ পৰাই আহিছোঁ

কেভিনৰ চকু দুটা উজ্জ্বল হৈ উঠিল। অ’ মাই গড। তুমি সঁচাকৈয়ে কৈছানে? মই সঁচাকৈয়ে খুব লাকীআনন্দতে তাৰ চকু দুটা যেন চলচলীয়া হৈ গল। স্ফূৰ্তিতে সি অনুপমাৰ পিনে নিজৰ সোঁ হাতখন আগবঢ়াই দি আকৌ এবাৰ তাইৰ লগত কৰমৰ্দন কৰিলে।
মোক এবাৰ লৈ যাবানে ডিগবৈ দেখুৱাবলৈ?” কেভিনৰ চকু দুটা জিলিকি উঠিল।

অনুপমা আচৰিত হল। তুমি ডিগবৈলৈ যাবা? কিয়?”

মই মোৰ গৱেষণাৰ সমল বিচাৰি যাম। মোৰ গৱেষণাৰ বাবে মই ডিগবৈলৈ যাবই লাগিব। তদুপৰি ব্যক্তিগত কিছুমান কথা জানিবলৈ মই এদিন নহয় এদিন অসমলৈ যাবই লাগিবকেভিনৰ দুচকুত যেন বহুত সপোন একেলগে থুপ খালেহি।

অনুপমা আচৰিত হল। এজন অচিনাকী ইংৰাজ লৰা। তাই প্ৰথম লগ পাইছে। লগ পায়েই কৈছে তাইৰ লগত ডিগবৈ চাবলৈ যাব। কব নোৱাৰাকৈয়ে তাইৰ যেন বুকুখন দুৰুদুৰুকৈ কঁপি উঠিল।

তাইৰ মুখৰ ভাৱৰ পৰিৱৰ্তন কেভিনে ধৰিব পাৰিলে। সি কলে, “তুমি হয়তো ভয় খাইছা। মই তোমাক আজি প্ৰথম লগ পাইছোঁ আৰু প্ৰথম চিনাকীতে তোমাৰ লগত ডিগবৈলৈ যোৱাৰ প্ৰস্তাৱ দিছোঁ। তোমাৰ মনৰ কথা মই বুজিব পাৰিছোঁপিছে তুমি যদি মোৰ আইতাক লগ পোৱা তোমাৰ মোৰ ওপৰত থকা শংকাও টিলিকতে দুৰ হ

তোমাৰ আইতা?” অনুপমাই অবাক হৈ কেভিনলৈ চাই ৰল।

কেভিনে আইতা বুলি কোৱাৰ লগে লগে তাইৰ মনত ভাঁহি উঠিল তাইৰ নিজৰ আইতাকৰ ছবি। শুধ বগা মেখেলা চাদৰ পিন্ধা বৰ মৰম লগা আছিল তাইৰ আইতাক। তাই সৰু থাকোঁতে লগ পাইছিল, বহু দিনৰ আগতে। নলবাৰীৰ ওচৰৰ এখন সৰু গাওঁ পকোৱাত আইতাকৰ ঘৰ আছিল।

মোৰ আইতা লণ্ডনত থাকেকেভিনৰ কথাত অনুপমা বাস্তৱলৈ ঘূৰি আহিল। আইতাক লগ পাই তুমি খুব ভাল পাবা। মোৰ আইতা তোমাৰ কাৰণে হব এক ছাৰপ্ৰাইজতুমি যদি মান্তি হোৱা আজি আবেলিয়েই তেওঁক লগ কৰিবলৈ আমি যাব পাৰোঁ। ৰেলত উঠিয়েই যাব পাৰিম

তাই যেন মূহুৰ্তৰ বাবে কেভিনে কলৈ যোৱাৰ কথা কৈছে, কাক লগ ধৰাৰ কথা কৈছে বুজিব নোৱাৰিলে। সেইখন চহৰত ডেকা এজনে গাভৰু ছোৱালী এজনীক ফুৰিবলৈ লগ ধৰাটো একো ডাঙৰ কথা নহয়। কিন্তু এনেকৈ ফুৰিবলৈ যোৱাটোকে একোটা বিশেষ সম্পৰ্কৰ সূত্ৰপাত বুলি গণ্য কৰা হয়। তেনে সংস্কৃতি অনুপমাৰ বাবে আচহুৱা। এজন অচিনাকী ইংৰাজ ডেকাৰ লগত ফুৰিবলৈ ওলাই যোৱাটো অনুপমাৰ বাবে সপোনৰ অগোচৰ।

মই তেনেকৈ আউটিঙলৈ নাযাওঁ। মোক বেয়া নাপাবাতাই পোনপেটীয়াকৈ কলে।

কেভিনে লগে লগে মাত লগালে। মই বুজিছোঁ। পিছে তোমাক মই নিশ্চয়কৈ কব পাৰোঁ, আইতাক লগ পালে তুমি অবাক হৈ যাবা। আইতায়ো তোমাক লগ পাই খুব ভাল পাব। মই আজিয়েই আইতাক কম তোমাৰ কথা। আইতাই অহা-যোৱা কৰিব পৰা অৱস্থাত থাকিলে ময়েই তেওঁক লৈ আহিলোঁহেতেন। পিছে আজি দুবছৰৰ পৰা তেওঁ বিছনাতে পৰি আছে।

অনুপমাই ঠিক বুজিব নোৱাৰিলে কেভিনৰ আইতাকে তাইক লগ পাই কিয় খুব ভাল পাব। কেভিনে কি কাৰণে তাৰ আইতাকক তাইৰ বাবে এক ছাৰপ্ৰাইজ বুলি কলে? কিহৰ কাৰণে আইতাকক লগ পাই তাই অবাক হৈ যাব? কিবা যেন এক ৰহস্যৰ আৱৰ্তলৈ কেভিনে তাইক লৈ যাবলৈ বিচাৰিছে।

কিন্তু কিয় জানো, কেভিনৰ প্ৰত্যয়ভৰা কথাখিনিত তাইৰ বিশ্বাস হল। তাৰ ছাৰপ্ৰাইজআইতাকক এবাৰ লগ পাবলৈ তাইৰ মন গল। তাই অনুভৱ কৰিলে কেভিনৰ আইতাকৰ বিষয়ে জানিবলৈ তাইৰ আগ্ৰহ উপজিছে।

অনুপমাই একো নমতা দেখি কেভিনে কলে, “ঠিক আছে, আজিয়েই বাৰু যাব নালাগে। তুমি কথাটো ভাবি চোৱা। এইটো লোৱা মোৰ ফোন নম্বৰ। তুমি মন ঠিৰাং কৰিলে মোলৈ ফোন কৰিবাকেভিনে জেপৰ পৰা তাৰ নাম, ঠিকনা, ফোন নম্বৰ থকা কাৰ্ড এখন উলিয়াই তাইৰ হাতত দিলে।

কাৰ্ডখন হাতত লৈ অনুপমাই কলে, “মই এতিয়াই নিশ্চয়তা নিদিওঁ। মোক ভাবি চাবলৈ সময় লাগিব

কোনো অসুবিধা নাই। তুমি নিজৰ সময় লোৱা। মই পিছে বৰ আশা কৰিছোঁ যে তোমাৰ পৰা সহায় পাম

অনুপমা অলপ অপ্ৰস্তুত হল। মই যে বিশেষ কিবা সহায় কৰিব পাৰিম, মই নাভাবোঁ

কেভিনে তাইৰ পিনে চাই হাঁহিলে।

তুমি হয়তো নিজেও ডিগবৈৰ কথা কিছু জানা। মই সেই কথাবোৰকে তোমাৰ পৰা শুনিব বিচাৰো। পিছে আজি নহয়। এতিয়া মই গিৰ্জালৈ প্ৰাৰ্থনাৰ কাৰণে যামঅহা সপ্তাহত তোমাৰ হাতত যেতিয়াই সময় থাকিব, মোলৈ এটা ফোন কৰিবা। তোমাৰ লগত মই কথা পাতিম

কথাখিনি কৈ তাইৰ প্ৰতিক্ৰিয়ালৈ অপেক্ষা নকৰি কেভিনে তাৰ গহীন খোজ কেইটাৰে গিৰ্জাৰ পিনে পোনালে। অনুপমাই কিছুপৰ সি যোৱাৰ পিনে চাই থাকিল। ওখ-পাখ সোণালী চুলিৰ দেখনিয়াৰ ডেকা লৰা কেভিন। মুখমণ্ডলত পাতলকৈ ট্ৰিম কৰা দাঢ়ি। কথা-বতৰা মাৰ্জিত। তাৰ দুচকুত যেন কিবা এটা সন্মোহিনী শক্তি আছে।

অনুপমাই মনতে ভাবিলে, অহা সপ্তাহত সময় অলপ উলিয়াব লাগিব।


খণ্ড ২

সোমবাৰৰ পৰা বুধবাৰলৈ অনুপমাৰ সময় অতি ব্যস্ততাৰ মাজেৰে পাৰ হয়। ইটোৰ পিছত সিটো ক্লাছ, প্ৰজেক্ট, ছেমিনাৰ, কুইজ এই আটাইবোৰে জুমুৰি দি ধৰি তাইৰ উশাহ নোপোৱা অৱস্থা এটা কৰে।
সোমবাৰে ৰাতি খোৱা বোৱা কৰাৰ পিছত তাই ওচৰৰ কোঠাৰ মেলিনাৰ দুৱাৰত টুকুৰিয়ালে। মেলিনা শ্ৰী লংকাৰ ছোৱালী। মাজে সময়ে তাই মেলিনাৰ লগত মনৰ কথা পাতে।
অনুপমাক দেখি মেলিনা পঢ়া মেজৰ পৰা উঠি আহিল। দুয়ো মেলিনাৰ বিচনা খনতে বহি ললে। মেলিনাই মাজে সময়ে নাৰিকলৰ গাখীৰেৰে কিছুমান সুস্বাদু আহাৰ প্ৰস্তুত কৰে। তেতিয়া তাই অনুপমাক জুতি লবলৈ মাতে। তাই বয়ফ্ৰেণ্ড ৰাজাৰ লগতো অনুপমাৰ পৰিচয় কৰাই দিছে। ৰাজা ভাৰতীয়, তমিলনাডুৰ যুৱক।
খোলা খুলিলৈ মনৰ কথা পাতিবলৈ অনুপমাৰ মেলিনাই এগৰাকী সংগী। মেলিনাই তাইৰ একান্ত গোপনীয় কথাবোৰো লুক ঢাক নকৰাকৈ তাইক কয়। অনুপমাৰ পিছে কবলৈ তেনেকুৱা গোপন কথা নাথাকেই। সেয়েহে তাইৰ কেভিনৰ কথাকে মেলিনাক কওঁ কওঁ লাগি আছিল। কথাটো তায়েই উলিয়ালে।
যোৱা দেওবাৰে এজন ইংৰাজ লৰা মোৰ লগত চিনাকী হ
মেলিনাই কথাটোত ৰস পাই মূৰটো অনুপমাৰ পিনে আগবঢ়াই দি কলে, “ৱাও, কোন লৰা? কি কলে? হেণ্ডচাম নে?”
অনুপমাই কেভিনৰ বিষয়ে কলে। ৰাজন দেখিবলৈ ভাল। কথা বতৰা ভদ্ৰ। পিছে সি মোক প্ৰথম চিনাকী হোৱাৰ দিনাই বাহিৰলৈ যাবলৈ লগ ধৰিছিল”, তাই কলে।
তুমি কি কৰিলা। কি কলা তাক”? মেলিনাই উত্কণ্ঠাৰে সুধিলে।
মই সময় বিচাৰিলোঁ। এনেদৰে লৰা এজনৰ লগত ওলাই যোৱাৰ অভ্যাস মোৰ নাই
তুমি ঠিকেই কৰিছা। প্ৰথম দিনাই কোনোবা ডেটিঙলৈ যায় নেকি? যাবা, লাহেকৈ পিছত যাবা। পিছে ইংৰাজ লৰা বোৰৰ পৰা অলপ সাৱধান হবা। সিহঁতে দ্বিতীয় বা তৃতীয় ডেটিঙতে ৰাতি লগত শুবলৈ বিচাৰিব
মেলিনাৰ খাৰাংখাচ কথাত অনুপমাৰ লাজ লাগিল। তাই ভাবিলে, কেভিনক তেনে লৰা যেন লগা নাই তাইৰ। তথাপি তাই সাৱধান হব লাগিব। মেলিনাই কোৱাৰ দৰে তেনে কিবা ইংগিত দিলে তাই নিজেই তাৰ পৰা আঁতৰি থাকিব।
বেলেগ বেলেগ ছোৱালীৰ সোৱাদ লৈ ফুৰাটো সিহঁতৰ স্বভাৱ। ইংৰাজ বোৰক বিশ্বাস কৰিব নোৱাৰি। তুমি মোৰ দৰে এজন ইণ্ডিয়ান বয়ফ্ৰেণ্ড বিচাৰি লোৱা। ইণ্ডিয়ান বয়ফ্ৰেণ্ড হলে পিচলৈ বিয়া পতাৰ কথাও ভাবিব পাৰিবা”, মেলিনাই উপদেশ দিলে। অনুপমাই ভাবিলে, এইবোৰ সম্পৰ্ক এইদৰে মানুহৰ ইচ্ছা অনুযায়ী হয় জানো? এনেদৰে নিজৰ প্ৰয়োজন অনুসৰি বয়ফ্ৰেণ্ড বিচাৰি লোৱাৰ কথা কেতিয়াও তাইৰ মনলৈ অহা নাই।
সেই লৰাটো পিছে মোৰ বেয়া যেন লগা নাই। সি মোক তাৰ আইতাকক লগ ধৰিবলৈ লৈ যাব বিচাৰিছে। তাৰ আইতাকক লগ পালে হেনো মই আচৰিত হৈ যাম”, অনুপমাই কলে।
মেলিনাই জোৰেৰে হাঁহি মাৰি কলে, “মই ধৰিব পাৰিছোঁ, হয় সি তোমাৰ প্ৰেমত পৰিছে, নহয় তুমি তাৰ প্ৰেমত পৰিছা
অনুপমাই প্ৰতিবাদ কৰি উঠিল, “মই এনেদৰে ইমান সহজে প্ৰেমত পৰা বিধৰ ছোৱালী নহয়
মই তোমাৰ মনৰ কথা বুজিছোঁ। মই লৰাজনক লগ নোপোৱাকৈয়ে তাৰ বিষয়ে মন্তব্য দিয়াটো অনুচিত। তুমি বুজন ছোৱালী। তুমি যি ভাল দেখা কৰিবা। মোৰ মতে লৰাজনৰ বিষয়ে অলপ ভালদৰে জানি লোৱাটো ভাল হ
সেইদিনা ৰাতি কোঠালৈ আহি অনুপমাই কথাবোৰ ভাবিলে। তাই কিছুমান মানুহক লগ পালেই মানুহ জনৰ বিষয়ে বহুত কথা অনুমান কৰি লব পাৰে। তাই জীৱনত তাইৰ সান্নিধ্য বিচৰা অনেক লোকক লগ পাইছে। বহুতেই তাইক বহু ধৰণৰ প্ৰস্তাৱ দিছে। কিন্তু সেই প্ৰতিজন মানুহৰ মাজত তাই দেখিছিল তাইৰ শৰীৰটোৰ আকৰ্ষণত তাইৰ ওচৰ চাপিব বিচৰাৰ গোপন হাবিয়াস।
তাই নিজকে ৰূপহী বুলি নাভাবিলেও তাইৰ লগৰ বহুতেই তাইক আকৰ্ষণীয় বুলি কয়। তাই আনৰ দৰে প্ৰসাধন ব্যৱহাৰ নকৰে, নিজৰ শৰীৰ, চুলি বা ছালৰ অতিৰিক্ত যত্ন নলয়, পিন্ধা উৰাতো খুব সচেতন নহয়। কিন্তু তথাপিও তাইৰ প্ৰতি আকৰ্ষিত হোৱা বহুতো পুৰুষক তাই লগ পাইছে। কিন্তু সেই সকলৰ মাজত তাই বিচাৰি পোৱা নাছিল তাইক আকৰ্ষণ কৰিব পৰা কোনো বিশেষত্ব। ইংৰাজ লৰাজনে প্ৰথম বাৰ লগ পায়েই তাইক বাহিৰলৈ যাবলৈ লগ ধৰিছে। কিন্তু লৰাজনৰ চকুত তাই দেখা নাপালে তাইৰ শৰীৰৰ প্ৰতি কোনো দুৰ্বলতা। সেই লৰাজনে তাইৰ সান্নিধ্য বিচাৰিছে এক বিশেষ উদ্দেশ্যত। তাই এতিয়ালৈ লগ পোৱা বহুতো মানুহতকৈ যেন এই লৰাজন কিছু ব্যতিক্ৰম।
বৃহস্পতিবাৰে পিছবেলা ফিল্ড ভিজিটৰ তিনিটা পিৰিয়ড থাকে। অধ্যয়নৰ বিভিন্ন বিষয়ৰ বাবে ব্যৱহাৰিক জগতৰ পৰা তথ্য সংগ্ৰহ কৰিব লাগে। পিছে নতুন ছাত্ৰ ছাত্ৰী সকলৰ কাৰণে ফিল্ড ভিজিটৰ কাম আৰম্ভ হোৱা নাই। সেই কাৰণে অনুপমাৰ বৃহস্পতিবাৰে শেষৰ পিৰিয়ড কেইটা ফ্ৰী থাকে। সেয়ে প্ৰয়োজনীয় বজাৰ সমাৰ বোৰ ক্লাছৰ সকলোৱে বৃহস্পতিবাৰৰ আবেলি কৰে। অনুপমাই প্ৰায়ে ওলাই যাবলৈ মেলিনাক লগ ধৰে।
বৃহস্পতিবাৰে দুপৰীয়াৰ আহাৰ কৰাৰ পিছত পঢ়া মেজত থকা কেভিনৰ কাৰ্ড খনলৈ অনুপমাৰ চকু গল। কাৰ্ড খন হাতত লওঁতে তাইৰ মনত পৰিল কেভিনে তাইক সময় পালে ফোন এটা কৰিবলৈ অনুৰোধ কৰিছিল।
অনুপমাই কথাবোৰ আকৌ এবাৰ ভাবিলে। তাই ইচ্ছা কৰিলেই এই কাৰ্ড খন অৱজ্ঞা কৰি ডাষ্ট বিনত পেলাই দিব পাৰে। আন বহুতকে কোৱাৰ দৰে কেভিনক পুনৰ তাইক আমনি নকৰিবলৈ সঁকিয়াই দিব পাৰে। কিন্তু তেনে কৰিবলৈ তাইৰ মন নগল। কেভিনে কোৱা কথাবোৰ তাই আকৌ মনতে পাগুলিবলৈ ধৰিলে। কি চাৰপ্ৰাইজৰ কথা কৈছিল বাৰু কেভিনে? সি কৈছিল, তাৰ আইতাক তাইৰ কাৰণে এক চাৰপ্ৰাইজ’”কথাটো মনত পৰাৰ লগে লগে তাইৰ উত্কণ্ঠা যেন বাঢ়ি গল। তাইৰ জানিবলৈ বৰ মন গল কেভিনৰ চাৰপ্ৰাইজৰ বিষয়ে, তাৰ আইতাকৰ বিষয়ে।
তাই মোবাইল ফোনটো লৈ কেভিনৰ নম্বৰটো ডায়েল কৰিলে। ফোনটো বাজি বাজি এসময়ত বন্ধ হৈ গল। কেভিনে ফোনটো ৰিচিভ নকৰিলে। তাই কাৰ্ডখনৰ লগত ডায়েল কৰা নম্বৰটো আকৌ মিলাই চালে। নাই, নম্বৰটো ভুল হোৱা নাই।
কিন্তু কেভিনে ফোনটো ৰিচিভ কৰা নাই কিয়? কেভিনে বাৰু কথাবোৰ মিছাকৈয়ে কৈছিল নেকি? মানুহটো ঠগবাজ নহয়টো? পিছ মূহুৰ্ততে তাইৰ মনত পৰিল, কেভিনে তাইৰ নম্বৰ নাজানে। গতিকে সি অচিনাকী নম্বৰৰ পৰা অহা ফোন নধৰিবও পাৰে। নতুবা সি হয়তো কিবা কামত ব্যস্ত হৈ থাকিব পাৰে। পিছে আকৌ এবাৰ ডায়েল কৰিবলৈ তাইৰ মন নগল। তাই ভাবিলে কেভিনে যদি আধা ঘণ্টাৰ ভিতৰত তাইলৈ উভতি ফোন নকৰে, তাই মেলিনাৰ লগত বজাৰ কৰিবলৈ ওলাই যাব।
আধা ঘণ্টা ৰব লগীয়া নহল। বিশ মিনিট মান পিচতে কেভিনৰ ফোন আহিল। অনুপমাই হেলোবুলি কোৱাৰ লগে লগে সি তাইৰ মাতটো চিনি পালে। সি প্ৰথমতে দুখ প্ৰকাশ কৰিলে যে সি ফোনটো ধৰিব নোৱাৰিলে, কাৰণ সেই সময়ত সি নিজৰ গাইডৰ লগত গৱেষণাৰ বিষয়ে আলোচনা কৰি আছিল। ইংৰাজ সকল তেওঁলোকৰ ভদ্ৰতা আৰু শিষ্টাচাৰৰ কাৰণে জগত বিখ্যাত। কথাই কথাই তেওঁলোকৰ মুখত ছৰি’, ‘থেংক ইউআখৈ ফুটাদি ফুটেকেভিনে তাইক আইতাকৰ ওচৰলৈ যোৱাৰ কথা নকৈ সাধাৰণ শিষ্টতা সুলভ কথা বতৰা কেইটামান পাতিলে, তাইৰ পঢ়া শুনাৰ খবৰ ললে। অনুপমাই আশা কৰি আছিল, সি নিজেই কথাটো উলিয়াব। কিন্তু সি নুলিয়ালে।
উপায় নাপাই তাই নিজেই কৈ পেলালে, “আজি মোৰ হাতত অলপ সময় আছে। এতিয়াই ওলাই গলে ৰাতি দহ বজাৰ ভিতৰত তোমাৰ আইতাক লগ পাই উভতি আহিব পৰা যাবনে”?
তাইৰ কথাটো শুনি কেভিনে বিশেষ উত্সাহ নেদেখুৱালে। সি কিবা এটা চিন্তা কৰি কলে, “তুমি আইতাক লগ কৰিবলৈ সিদ্ধান্ত লোৱা বাবে অশেষ ধন্যবাদ। পিছে আজি এতিয়া ওলাই গলে বৰ দৌৰাদৌৰি হব। আইতাক তুমি ভালকৈ লগেই নাপাবা। তেখেতৰ যথেষ্ট বয়স হৈছে। কাণেৰে কমকৈ শুনে। কথা বতৰা লাহে লাহে কয়। তেওঁৰ লগত কথা পাতিবলৈ বহুত সময়ৰ প্ৰয়োজন হয়। তুমি যদি বেয়া নোপোৱা অহা দেওবাৰে ৰাতিপুৱাই ওলাবা। গোটেই দিনটো থাকি আমি সন্ধিয়া উভতি আহিম
অনুপমাই কথাটো শলাগিলে। এনেয়ো দেওবাৰে তাইৰ কৰিবলগীয়া বিশেষ কাম নাথাকে। লণ্ডনলৈ ওলাই যোৱাও হোৱা নাই বহুদিন। ঠিক হল যে দেওবাৰে ৰাতিপুৱা সাত বজাত কেভিনে অনুপমাক হোষ্টেলৰ বাটচৰাত লগ ধৰিব আৰু তাৰ পিচত দুয়োটা ওলাই যাব।

ফোনটো থোৱাৰ পিছত অনুপমাই কেলেণ্ডাৰ খন চালে। মাজত দুটা দিন আছে। কিবা এটা অবুজ উত্কণ্ঠাৰ ভাৱে তাইক যেন আৱৰি ধৰিলে।