শনিবাৰে ৰাতি আঠ মান বজাত অনুপমাই কেভিনক আকৌ এবাৰ ফোন কৰিলে। তাইৰ চিন্তা
হৈছিল আন কামৰ হেঁচাত সি পৰিকল্পনাটো সলনি কৰা নাইতো বা কথাটো পাহৰি যোৱা নাইতো।
নাই পাহৰা। তাই নিশ্চিন্ত হ’ল। তাইৰ ভাৱ হ’ল ল’ৰাটো যথেষ্ট বিশ্বাসযোগ্য। কথা দিলে কথা
পাহৰা ধৰণৰ নহয়।
দেওবাৰে ৰাতিপুৱা অনুপমা সোনকালে শুই উঠি গা পা ধুই পিন্ধি উৰি সাত বজাৰ আগে
আগে সাজু হ’ল। আগদিনা ৰাতি বনোৱা খিচিৰি এবাটি ফ্ৰিজৰ
পৰা উলিয়াই গৰম কৰি তাই খাই ল’লে।
সাত বাজি কেই মিনিট মান যোৱাৰ পিচত কেভিন আহি হাজিৰ হ’ল। সি এখন নীলা ৰঙৰ ওপৰ ফালে খোলা ষ্পোৰ্টচ কাৰ লৈ আহিছিল। এনে গাড়ী অনুপমাই
ইংৰাজী চিনেমাতহে দেখিছে। বহুদিনৰ পৰা এনে এখন গাড়ীত উঠি চোৱাৰ সপোন তাই মনত সাঁচি
ৰাখিছিল।
তাইক দেখি সি নামি আহি গাড়ীৰ দুৱাৰখন খুলি দিলে। সামান্য পলম হোৱা কাৰণে সি
ক্ষমা বিচাৰিলে। ইংৰাজ সকল কিছুমান কথাত আমনি লগাকৈ ফৰ্মেল।
গাড়ীত বহাৰ পিচত সি এটা কাগজৰ বেগৰ পৰা দুটা হট ডগ (hot dog) উলিয়ালে। লগতে সৰু টমেট’ চচৰ বটল এটা।
“তুমিতো চাগে ব্ৰেকফাষ্ট কৰা নাই। এইটো খাই লোৱা। আমাক লণ্ডন পাবলৈ ডেৰ ঘণ্টা
মান লাগিব”।
“নাই, নাই। মই ব্ৰেকফাষ্ট কৰি আহিছোঁ। তুমিয়েই
খোৱা। মোৰ ভোক নাই”। হট ডগ তাইৰ
প্ৰিয় খাদ্যৰ তালিকাত নাই।
“এইটো তোমাৰ কাৰণেই আনিছোঁ। লৈ থোৱা। পিছত খাবা”।
কেভিনে এহাতত হট ডগ লৈ খাই খাই গাড়ী ষ্টাৰ্ট কৰিলে। সি ক’লে, “এইখন মোৰ গাড়ী নহয়। মোৰ বন্ধু
পিটাৰৰ পৰা এদিনৰ কাৰণে খুজি লৈছোঁ। আমি ৰেলত যাব পাৰিলোঁহেতেন, পিছে মই ভাবিলোঁ গাড়ীত তুমি বেছি ভাল পাবা। তদুপৰি খোলা গাড়ীত যোৱাটো এটা
থ্ৰিল”। মসৃণ পথত গাড়ী চেকুৰাই কেভিনে ক’লে।
হাই ৱে’ পাই কেভিনে তীব্ৰ গতিত গাড়ী চলাই দিলে।
অনুপমাই জীৱনত কেতিয়াও খোলা গাড়ীত উঠি পোৱা নাছিল। তাই অনুভৱ কৰিলে মুৰৰ ওপৰত
সচৰাচৰ থকা ঢাকনিখন নাথাকিলে নিজকে বৰ অসুৰক্ষিত যেন লাগে। গাড়ীৰ গতি বৃদ্ধি পোৱাৰ
লগে লগে গাত লগা বতাহৰ বেগো বৃদ্ধি হোৱা যেন তাইৰ অনুমান হ’ল। বতাহৰ সোঁ সোঁৱনিত তাইৰ কাণ তাল মাৰি যোৱা যেন অনুভৱ হ’ল। মেলি থোৱা চুলিবোৰ যেনি তেনি উৰিবলৈ ধৰিলে। মাজে মাজে চুলিয়ে তাইৰ চকু মুখ
আগচি ধৰিলে। তাইৰ ভয় লাগিবলৈ ধৰিলে। তাইৰ এনে লাগিল পিছ মূহুৰ্ততে যেন গাড়ী খনৰ
এটা ডাঙৰ দুৰ্ঘটনা হ’ব। তাইৰ বুকুখন
ঢিপঢিপাবলৈ ধৰিলে। কেভিনৰ ওপৰতে তাইৰ খং উঠিল। কিয় সি এনে এখন গাড়ী লৈ আহিল। তাকো
বন্ধুৰ গাড়ী। এয়া তাৰ তাইক ইম্প্ৰেছ কৰাৰ চেষ্টা নেকি?
হাই ৱে’ৰ ঠায়ে ঠায়ে থকা বিশাল ফলক বোৰত তাই চাই গৈ
থাকিল লণ্ডন পাবলৈ আৰু কিমান দুৰ। যিমান সোনকালে পাব পাৰি সিমানেই যেন তাইৰ কাৰণে
ভাল। হঠাতে তাইৰ মুৰ আচন্দ্ৰাই কৰা যেন লাগি গ’ল। চকুত ছান গ্লাছ পিন্ধি একান্ত মনে গান শুনি গাড়ী চলাই থকা কেভিনৰ বাউসীত
ধৰি তাই কৈয়ে পেলালে, “প্লিজ গাড়ী ৰখোৱা, মোৰ মুৰ ঘুৰাই গৈছে”।
ইমান পৰে কেভিনে মুখেৰে মাত এটাও মতা নাছিল। “ও: ছৰি। হাই ৱে’ত গাড়ী ৰখাব নোৱাৰি।
ইয়াৰ পিছৰ এক্সিট টোত আমি হাই ৱে’ৰ পৰা ওলাই
কৰবাত অলপ জিৰণি ল’ম”।
“নাই, নাই। জিৰণি ল’ব নালাগে। অলপ ৰৈ মুখ হাত ধুই ল’লে ভাল লাগিব”।
পিছৰ এক্সিট টোত কেভিনে গাড়ী সুমুৱাই দিলে আৰু কেইটামান কেঁকুৰি পাৰ হৈ এখন
ৰেষ্টোৰেণ্টৰ সন্মুখত গাড়ী ৰখাই দিলে।
অনুপমাই ৱাছ ৰুমলৈ গৈ মুখ হাত ধুলে। আইনাত তাই চুলিকোঁচা দেখি নিজৰে হাঁহি
উঠিল। তাই হোষ্টেলৰ পৰা ওলাওঁতে চুলিকোচা মেলি আহিছিল। এতিয়া তীব্ৰ বতাহত
চুলিকোঁচা চৰাইৰ বাঁহৰ দৰে হৈ পৰিছে। তাই বেগৰ পৰা ব্ৰাছডাল উলিয়াই চুলিখিনি
আচুঁৰি জঁটবোৰ ভাঙিলে।
ব্ৰাছডালৰ পৰা চিঙি পৰা চুলিবোৰ লাৰু এটাৰ দৰে কৰি থু অলপ লগাই ওচৰৰ ডাষ্ট
বিনটোত পেলাই দিলে। মুৰৰ চুলিবোৰ এইদৰে লাৰু কৰি পেলাব লগীয়া হ’লে থু লগাই পেলাব লাগে বুলি তাইক আইতাকে সৰুতে শিকাইছিল। ৰাবাৰ বেণ্ড এডালেৰে
চুলিকোঁচা বান্ধি লৈ হে তাইৰ সকাহ লাগিল।
কেভিনে এটা ডাঙৰ ঠোঙাত পপকৰ্ণ লৈ গাড়ীত বহিল। অনুপমা আহি বহাৰ পিছত সি আশ্বাসৰ
সুৰত ক’লে, “আৰু বেছি দুৰ নাই। মই এইচোৱা লাহে লাহে চলাম। তুমি চিন্তা নকৰিবা”।
অনুপমাই ভাবি আহিছিল কেভিনৰ লগত আইতাকৰ বিষয়ে কিছু কথা পাতিব। কিন্তু তাইৰ
সাহস নহ’ল। কথা কৈ কেভিনক গাড়ী চলাওঁতে আমনি কৰিবলৈকো
মন নগ’ল। তাই পপকৰ্ণ খাই মনে মনে গৈ থাকিল। এইবাৰ
কেভিনে গাড়ীৰ গতিবেগ কমাই দিলে।
লণ্ডন চহৰ পোৱাৰ কিছুদুৰ আগৰ পৰা উপনগৰ বোৰ আৰম্ভ হৈ যায়। বাটত গাড়ীৰ সংখ্যা
বৃদ্ধি হয়। মাজে মাজে যান জঁটৰ সমস্যাৰো সৃষ্টি হয়। ফলত গাড়ীৰ গতি মন্থৰ হ’বলৈ বাধ্য হয়। গাড়ীৰ গতি কমাৰ পিছতহে যেন অনুপমাই অলপ সকাহ পালে।
হাই ৱে’ৰ পৰা ফালৰি কাটি যেতিয়া গাড়ীখন আন এটা
ৰাস্তাৰে চলিবলৈ ধৰিলে, তেতিয়া অনুপমাই
বুজিলে যে গন্তব্য স্থান পাবলৈ বেছি সময় নাই। তাই বতাহত পুনৰ অবিন্যস্ত হৈ যোৱা
চুলিখিনি ঠিক ঠাক কৰাত লাগিল।
এসময়ত কেভিনে গাড়ীখন এটা সৰু আটোমটোকাৰীকৈ সজোৱা ঘৰৰ আগত আনি ৰাখি দিলে। কাঠেৰে
সজোৱা এটা ধুনীয়া সৰু ঘৰ। সন্মুখত সেউজীয়া ঘাঁহনি।
গাড়ীৰ পৰা নামিয়েই ঘৰটোত আঁৰি থোৱা এখন ফলকত তাইৰ চকু পৰিল।
ফলক খনত ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছে ‘পাটকাই ভিলা’।
অনুপমা শিঁহৰিত হৈ উঠিল। লণ্ডন চহৰত এটা ধুনীয়া ঘৰৰ নাম পাটকাই ভিলা ! তাই
সৰুৰে পৰা শুনি অহা এটা অসমীয়া শব্দ পাটকাই, তাই জনাত পাটকাই এখন পাহাৰৰ নাম, যিখন বগাই এদিন চুকাফাই ব্ৰহ্মদেশৰ পৰা অসমলৈ আহি আহোম ৰাজ্য স্থাপন কৰিছিল।
তাৰ বাহিৰে পাটকাই শব্দটোৰ আন একো অৰ্থ তাই নাজানে। পাটকাই শব্দটো আন ভাষাত
ব্যৱহাৰ হোৱাও তাই শুনা নাই।
কেভিনক এই বিষয়ে সুধিব খুজিও তাইৰ সোধা নহ’ল।
No comments:
Post a Comment