সোমবাৰৰ পৰা বুধবাৰলৈ অনুপমাৰ সময় অতি ব্যস্ততাৰ মাজেৰে পাৰ হয়। ইটোৰ পিছত
সিটো ক্লাছ, প্ৰজেক্ট, ছেমিনাৰ, কুইজ এই আটাইবোৰে জুমুৰি দি ধৰি তাইৰ উশাহ
নোপোৱা অৱস্থা এটা কৰে।
সোমবাৰে ৰাতি খোৱা বোৱা কৰাৰ পিছত তাই ওচৰৰ কোঠাৰ মেলিনাৰ দুৱাৰত টুকুৰিয়ালে।
মেলিনা শ্ৰী লংকাৰ ছোৱালী। মাজে সময়ে তাই মেলিনাৰ লগত মনৰ কথা পাতে।
অনুপমাক দেখি মেলিনা পঢ়া মেজৰ পৰা উঠি আহিল। দুয়ো মেলিনাৰ বিচনা খনতে বহি ল’লে। মেলিনাই মাজে সময়ে নাৰিকলৰ গাখীৰেৰে কিছুমান সুস্বাদু আহাৰ প্ৰস্তুত কৰে।
তেতিয়া তাই অনুপমাক জুতি লবলৈ মাতে। তাই বয়ফ্ৰেণ্ড ৰাজাৰ লগতো অনুপমাৰ পৰিচয় কৰাই
দিছে। ৰাজা ভাৰতীয়, তমিলনাডুৰ যুৱক।
খোলা খুলিলৈ মনৰ কথা পাতিবলৈ অনুপমাৰ মেলিনাই এগৰাকী সংগী। মেলিনাই তাইৰ
একান্ত গোপনীয় কথাবোৰো লুক ঢাক নকৰাকৈ তাইক কয়। অনুপমাৰ পিছে ক’বলৈ তেনেকুৱা গোপন কথা নাথাকেই। সেয়েহে তাইৰ কেভিনৰ কথাকে মেলিনাক কওঁ কওঁ
লাগি আছিল। কথাটো তায়েই উলিয়ালে।
“যোৱা দেওবাৰে এজন ইংৰাজ ল’ৰা মোৰ লগত
চিনাকী হ’ল”।
মেলিনাই কথাটোত ৰস পাই মূৰটো অনুপমাৰ পিনে আগবঢ়াই দি ক’লে, “ৱাও, কোন ল’ৰা? কি ক’লে? হেণ্ডচাম নে?”
অনুপমাই কেভিনৰ বিষয়ে ক’লে। “ল’ৰাজন দেখিবলৈ ভাল। কথা বতৰা ভদ্ৰ। পিছে সি
মোক প্ৰথম চিনাকী হোৱাৰ দিনাই বাহিৰলৈ যাবলৈ লগ ধৰিছিল”, তাই ক’লে।
“তুমি কি কৰিলা। কি ক’লা তাক”? মেলিনাই উত্কণ্ঠাৰে সুধিলে।
“মই সময় বিচাৰিলোঁ। এনেদৰে ল’ৰা এজনৰ লগত
ওলাই যোৱাৰ অভ্যাস মোৰ নাই”।
“তুমি ঠিকেই কৰিছা। প্ৰথম দিনাই কোনোবা ডেটিঙলৈ যায় নেকি? যাবা, লাহেকৈ পিছত যাবা। পিছে ইংৰাজ ল’ৰা বোৰৰ পৰা অলপ সাৱধান হ’বা। সিহঁতে
দ্বিতীয় বা তৃতীয় ডেটিঙতে ৰাতি লগত শুবলৈ বিচাৰিব”।
মেলিনাৰ খাৰাংখাচ কথাত অনুপমাৰ লাজ লাগিল। তাই ভাবিলে, কেভিনক তেনে ল’ৰা যেন লগা নাই তাইৰ।
তথাপি তাই সাৱধান হ’ব লাগিব। মেলিনাই কোৱাৰ
দৰে তেনে কিবা ইংগিত দিলে তাই নিজেই তাৰ পৰা আঁতৰি থাকিব।
“বেলেগ বেলেগ ছোৱালীৰ সোৱাদ লৈ ফুৰাটো সিহঁতৰ স্বভাৱ। ইংৰাজ বোৰক বিশ্বাস কৰিব
নোৱাৰি। তুমি মোৰ দৰে এজন ইণ্ডিয়ান বয়ফ্ৰেণ্ড বিচাৰি লোৱা। ইণ্ডিয়ান বয়ফ্ৰেণ্ড হ’লে পিচলৈ বিয়া পতাৰ কথাও ভাবিব পাৰিবা”, মেলিনাই উপদেশ দিলে। অনুপমাই ভাবিলে, এইবোৰ সম্পৰ্ক এইদৰে মানুহৰ ইচ্ছা অনুযায়ী হয় জানো? এনেদৰে নিজৰ প্ৰয়োজন অনুসৰি বয়ফ্ৰেণ্ড বিচাৰি লোৱাৰ কথা কেতিয়াও তাইৰ মনলৈ অহা
নাই।
“সেই ল’ৰাটো পিছে মোৰ বেয়া যেন লগা নাই। সি মোক তাৰ
আইতাকক লগ ধৰিবলৈ লৈ যাব বিচাৰিছে। তাৰ আইতাকক লগ পালে হেনো মই আচৰিত হৈ যাম”, অনুপমাই ক’লে।
মেলিনাই জোৰেৰে হাঁহি মাৰি ক’লে, “মই ধৰিব পাৰিছোঁ, হয় সি তোমাৰ প্ৰেমত
পৰিছে, নহয় তুমি তাৰ প্ৰেমত পৰিছা”।
অনুপমাই প্ৰতিবাদ কৰি উঠিল, “মই এনেদৰে ইমান
সহজে প্ৰেমত পৰা বিধৰ ছোৱালী নহয়”।
“মই তোমাৰ মনৰ কথা বুজিছোঁ। মই ল’ৰাজনক লগ নোপোৱাকৈয়ে তাৰ বিষয়ে মন্তব্য দিয়াটো অনুচিত। তুমি বুজন ছোৱালী। তুমি
যি ভাল দেখা কৰিবা। মোৰ মতে ল’ৰাজনৰ বিষয়ে
অলপ ভালদৰে জানি লোৱাটো ভাল হ’ব”।
সেইদিনা ৰাতি কোঠালৈ আহি অনুপমাই কথাবোৰ ভাবিলে। তাই কিছুমান মানুহক লগ পালেই
মানুহ জনৰ বিষয়ে বহুত কথা অনুমান কৰি ল’ব পাৰে। তাই জীৱনত তাইৰ সান্নিধ্য বিচৰা অনেক লোকক লগ পাইছে। বহুতেই তাইক বহু
ধৰণৰ প্ৰস্তাৱ দিছে। কিন্তু সেই প্ৰতিজন মানুহৰ মাজত তাই দেখিছিল তাইৰ শৰীৰটোৰ
আকৰ্ষণত তাইৰ ওচৰ চাপিব বিচৰাৰ গোপন হাবিয়াস।
তাই নিজকে ৰূপহী বুলি নাভাবিলেও তাইৰ লগৰ বহুতেই তাইক আকৰ্ষণীয় বুলি কয়। তাই
আনৰ দৰে প্ৰসাধন ব্যৱহাৰ নকৰে, নিজৰ শৰীৰ, চুলি বা ছালৰ অতিৰিক্ত যত্ন নলয়, পিন্ধা উৰাতো খুব সচেতন নহয়। কিন্তু তথাপিও তাইৰ প্ৰতি আকৰ্ষিত হোৱা বহুতো
পুৰুষক তাই লগ পাইছে। কিন্তু সেই সকলৰ মাজত তাই বিচাৰি পোৱা নাছিল তাইক আকৰ্ষণ
কৰিব পৰা কোনো বিশেষত্ব। ইংৰাজ ল’ৰাজনে প্ৰথম
বাৰ লগ পায়েই তাইক বাহিৰলৈ যাবলৈ লগ ধৰিছে। কিন্তু ল’ৰাজনৰ চকুত তাই দেখা নাপালে তাইৰ শৰীৰৰ প্ৰতি কোনো দুৰ্বলতা। সেই ল’ৰাজনে তাইৰ সান্নিধ্য বিচাৰিছে এক বিশেষ উদ্দেশ্যত। তাই এতিয়ালৈ লগ পোৱা বহুতো
মানুহতকৈ যেন এই ল’ৰাজন কিছু ব্যতিক্ৰম।
বৃহস্পতিবাৰে পিছবেলা ‘ফিল্ড ভিজিট’ৰ তিনিটা পিৰিয়ড থাকে। অধ্যয়নৰ বিভিন্ন বিষয়ৰ বাবে ব্যৱহাৰিক জগতৰ পৰা তথ্য
সংগ্ৰহ কৰিব লাগে। পিছে নতুন ছাত্ৰ ছাত্ৰী সকলৰ কাৰণে ‘ফিল্ড ভিজিট’ৰ কাম আৰম্ভ হোৱা নাই।
সেই কাৰণে অনুপমাৰ বৃহস্পতিবাৰে শেষৰ পিৰিয়ড কেইটা ফ্ৰী থাকে। সেয়ে প্ৰয়োজনীয় বজাৰ
সমাৰ বোৰ ক্লাছৰ সকলোৱে বৃহস্পতিবাৰৰ আবেলি কৰে। অনুপমাই প্ৰায়ে ওলাই যাবলৈ
মেলিনাক লগ ধৰে।
বৃহস্পতিবাৰে দুপৰীয়াৰ আহাৰ কৰাৰ পিছত পঢ়া মেজত থকা কেভিনৰ কাৰ্ড খনলৈ অনুপমাৰ
চকু গ’ল। কাৰ্ড খন হাতত লওঁতে তাইৰ মনত পৰিল কেভিনে
তাইক সময় পালে ফোন এটা কৰিবলৈ অনুৰোধ কৰিছিল।
অনুপমাই কথাবোৰ আকৌ এবাৰ ভাবিলে। তাই ইচ্ছা কৰিলেই এই কাৰ্ড খন অৱজ্ঞা কৰি
ডাষ্ট বিনত পেলাই দিব পাৰে। আন বহুতকে কোৱাৰ দৰে কেভিনক পুনৰ তাইক আমনি নকৰিবলৈ
সঁকিয়াই দিব পাৰে। কিন্তু তেনে কৰিবলৈ তাইৰ মন নগ’ল। কেভিনে কোৱা কথাবোৰ তাই আকৌ মনতে পাগুলিবলৈ ধৰিলে। কি ‘চাৰপ্ৰাইজ’ৰ কথা কৈছিল বাৰু কেভিনে? সি কৈছিল, তাৰ আইতাক তাইৰ কাৰণে এক ‘চাৰপ্ৰাইজ’”। কথাটো মনত পৰাৰ লগে লগে তাইৰ উত্কণ্ঠা যেন
বাঢ়ি গ’ল। তাইৰ জানিবলৈ বৰ মন গ’ল কেভিনৰ ‘চাৰপ্ৰাইজ’ৰ বিষয়ে, তাৰ আইতাকৰ বিষয়ে।
তাই মোবাইল ফোনটো লৈ কেভিনৰ নম্বৰটো ডায়েল কৰিলে। ফোনটো বাজি বাজি এসময়ত বন্ধ
হৈ গ’ল। কেভিনে ফোনটো ৰিচিভ নকৰিলে। তাই কাৰ্ডখনৰ
লগত ডায়েল কৰা নম্বৰটো আকৌ মিলাই চালে। নাই, নম্বৰটো ভুল হোৱা নাই।
কিন্তু কেভিনে ফোনটো ৰিচিভ কৰা নাই কিয়? কেভিনে বাৰু কথাবোৰ মিছাকৈয়ে কৈছিল নেকি? মানুহটো ঠগবাজ নহয়টো? পিছ মূহুৰ্ততে
তাইৰ মনত পৰিল, কেভিনে তাইৰ নম্বৰ নাজানে। গতিকে সি অচিনাকী
নম্বৰৰ পৰা অহা ফোন নধৰিবও পাৰে। নতুবা সি হয়তো কিবা কামত ব্যস্ত হৈ থাকিব পাৰে।
পিছে আকৌ এবাৰ ডায়েল কৰিবলৈ তাইৰ মন নগ’ল। তাই ভাবিলে কেভিনে যদি আধা ঘণ্টাৰ ভিতৰত তাইলৈ উভতি ফোন নকৰে, তাই মেলিনাৰ লগত বজাৰ কৰিবলৈ ওলাই যাব।
আধা ঘণ্টা ৰ’ব লগীয়া নহ’ল। বিশ মিনিট মান পিচতে কেভিনৰ ফোন আহিল। অনুপমাই “হেলো” বুলি কোৱাৰ লগে লগে সি তাইৰ মাতটো চিনি পালে।
সি প্ৰথমতে দুখ প্ৰকাশ কৰিলে যে সি ফোনটো ধৰিব নোৱাৰিলে, কাৰণ সেই সময়ত সি নিজৰ গাইডৰ লগত গৱেষণাৰ বিষয়ে আলোচনা কৰি আছিল। ইংৰাজ সকল
তেওঁলোকৰ ভদ্ৰতা আৰু শিষ্টাচাৰৰ কাৰণে জগত বিখ্যাত। কথাই কথাই তেওঁলোকৰ মুখত ‘ছৰি’, ‘থেংক ইউ’ আখৈ ফুটাদি ফুটে। কেভিনে তাইক আইতাকৰ
ওচৰলৈ যোৱাৰ কথা নকৈ সাধাৰণ শিষ্টতা সুলভ কথা বতৰা কেইটামান পাতিলে, তাইৰ পঢ়া শুনাৰ খবৰ ল’লে। অনুপমাই
আশা কৰি আছিল, সি নিজেই কথাটো উলিয়াব। কিন্তু সি নুলিয়ালে।
উপায় নাপাই তাই নিজেই কৈ পেলালে, “আজি মোৰ হাতত অলপ সময় আছে। এতিয়াই ওলাই গ’লে ৰাতি দহ বজাৰ ভিতৰত তোমাৰ আইতাক লগ পাই উভতি আহিব পৰা যাবনে”?
তাইৰ কথাটো শুনি কেভিনে বিশেষ উত্সাহ নেদেখুৱালে। সি কিবা এটা চিন্তা কৰি ক’লে, “তুমি আইতাক লগ কৰিবলৈ সিদ্ধান্ত
লোৱা বাবে অশেষ ধন্যবাদ। পিছে আজি এতিয়া ওলাই গ’লে বৰ দৌৰাদৌৰি হ’ব। আইতাক তুমি ভালকৈ
লগেই নাপাবা। তেখেতৰ যথেষ্ট বয়স হৈছে। কাণেৰে কমকৈ শুনে। কথা বতৰা লাহে লাহে কয়।
তেওঁৰ লগত কথা পাতিবলৈ বহুত সময়ৰ প্ৰয়োজন হয়। তুমি যদি বেয়া নোপোৱা অহা দেওবাৰে
ৰাতিপুৱাই ওলাবা। গোটেই দিনটো থাকি আমি সন্ধিয়া উভতি আহিম”।
অনুপমাই কথাটো শলাগিলে। এনেয়ো দেওবাৰে তাইৰ কৰিবলগীয়া বিশেষ কাম নাথাকে।
লণ্ডনলৈ ওলাই যোৱাও হোৱা নাই বহুদিন। ঠিক হ’ল যে দেওবাৰে ৰাতিপুৱা সাত বজাত কেভিনে অনুপমাক হোষ্টেলৰ বাটচৰাত লগ ধৰিব আৰু
তাৰ পিচত দুয়োটা ওলাই যাব।
ফোনটো থোৱাৰ পিছত অনুপমাই কেলেণ্ডাৰ খন চালে। মাজত দুটা দিন আছে। কিবা এটা
অবুজ উত্কণ্ঠাৰ ভাৱে তাইক যেন আৱৰি ধৰিলে।
No comments:
Post a Comment