কেভিনে ক’লে, “আইতা এতিয়া কিছু পৰ
শুব। তুমি মুখ হাত ধুই ফ্ৰেছ হৈ লোৱা। মই কিচ্চেনত কিবা এটা বনাওঁ”।
অনুপমাই বিচাৰিছিল কেভিনে তাইৰ ওচৰতে অলপ সময় বহক, আইতাকৰ বিষয়ে আৰু কিছু কথা তাইক কওক। কিন্তু
সি হয়তো ব্যস্ত হৈ থাকি ভাল পায়। কথা পাতি বহি থকা বিধৰ ল’ৰা সি নহয়।
“ঠিক আছে, মই ফ্ৰেছ হৈ লওঁ। পিছে কিচ্চেনত কিবা এটা মই
বনাম। তুমি মোক কেৱল সহায় কৰি দিবা। মোৰ আইতাক কিবা এটা ৰান্ধি খুৱাবলৈ বৰ মন গৈছে”, চোফাখনৰ পৰা উঠি তাই ক’লে।
অনুপমাই কেভিনৰ উত্তৰলৈ বাট নাচাই ৱাছ ৰুমৰ পিনে আগবাঢ়িল।
মুখ হাত ধুই হৈ আহি তাই দেখিলে কেভিনে ফ্ৰীজৰ পৰা ব্ৰেড, বন্ধাকবি, ছীজ, মেয়োনিজ উলিয়াইছে। তাই
বুজিলে সি ছেণ্ডুইছ জাতীয় কিবা এটা বনোৱাৰ আয়োজন চলিছে। পিছে তাইৰ বেলেগ ধৰণৰ কিবা
এবিধ ৰান্ধিবলৈ মন গ’ল।
“ফ্ৰীজত গাখীৰ আছেনে? মোক চেনিও অলপ লাগিব? চাউল কি আছে চাওঁ।
ড্ৰাই ফ্ৰুট আছেনে”? তাই নিৰ্দেশ দিয়া আৰম্ভ কৰিলে। কেভিনে তাই বিচৰা ধৰণে এপদ এপদ কৈ বস্তু উলিয়াই
দিলে।
চাউল কেইটা হাতত লৈ তাইৰ মুখত হাঁহি বিৰিঙি উঠিল। তাই এনে আকাৰৰ চাউলেই
বিচাৰিছিল। সৰু সৰু, জহা চাউলৰ দৰে। হৈ যাব। ইলাচি, ডালচিনি, কাজু নাই যদিও
একো কথা নাই। তাই আইতাকক এবাটি পায়স বনাই খুৱাব পাৰিব।
কেভিনে কেতিয়াও পায়স খাই পোৱা নাই। বস্তুটো কেনেকুৱা তাৰ কোনো ধাৰণাও নাই।
কিন্তু অনুপমাৰ উত্সাহ দেখি তাৰ মনত ফূৰ্তি লাগিল। সি বেলেগ বেলেগ ধৰণৰ খাদ্যৰ
সোৱাদ লৈ ভাল পায়। এক নতুন ধৰণৰ খাদ্যৰ সোৱাদ ল’ব পাৰিব বুলি তাৰ ভাল লাগিল। চচপেন এটাত পায়স
খিনি উতলি থকাৰ সময়ত এঞ্জেলায়ো এবাৰ চাবলৈ আহিল।
কেভিনে ৰগৰ কৰি তাইক ক’লে, “আজি তোমাক
ভাৰতীয় মচলাদাৰ ষ্পাইছি খাদ্য খুৱাই মুখৰ বৰণ ৰঙা কৰোৱাৰ পৰিকল্পনা চলিছে”।
এঞ্জেলাই লগে লগে হাঁহি মাৰি ক’লে, “ষ্পাইছি খাদ্য
খালে তুমি কেইবাৰ পায়খানালৈ দৌৰ মাৰা মোৰ জনা আছে”। কথাটোত তিনিওটাই হাঁহিলে।
“মই যি ঠাইৰ পৰা আহিছোঁ, সেই ঠাইৰ মানুহে
ষ্পাইছি খাদ্য নাখায়, গতিকে চিন্তা নকৰিবা”, এই বুলি কৈ অনুপমাই চচপেনটো নমাই থলে।
অনুপমাৰ পায়স তৈয়াৰ হ’ল। আইতাকৰ তেতিয়ালৈকে সাৰ সুৰ নাই।
কেভিনে ক’লে, “আমি কেইজনে খাই দিওঁ
দিয়া। আইতা উঠিলে খাব”।
অনুপমাই ক’লে, তাই নাখায়। আইতাকক
খুৱাই হে তাই খাব। কেভিনৰ ভোক লাগিছিল। অনুপমাই কেভিন আৰু এঞ্জেলাক ডাইনিং টেবুলত
এবাটি এবাটি পায়স খাবলৈ দিলে। কেভিনে পায়স মুখত লৈ ভালেই পোৱা যেন লগিল। এঞ্জেলাই
পিছে বৰ ভাল নাপালে। কেই চামুচ মান মুখলৈ নি তাই খাবলৈ মন নাই বুলি কৈ উঠি গ’ল। কেভিনে শেষ কৰি খালে। অনুপমাই
মন কৰিলে পায়সেৰে এঞ্জেলা আৰু কেভিনৰ পেট নভৰে। তাই দুয়োৰে কাৰণে কেইটামান
ছেণ্ডুইছো বনালে।
খোৱা হোৱাৰ পিচত কেভিনে অনুপমাক বহা কোঠাটোত জিৰণি ল’বলৈ ক’লে। আইতাকৰ কাৰণে এনেদৰে নোখোৱা নোবোৱাকৈ তাই
ৰৈ থকা কথাটোত সি ভাল নাপালে। দুপৰীয়া সেইটো সময়ত ভোক লগাটো স্বাভাৱিক। সি ভাৰতীয়
সংস্কাৰৰ বিষয়ে শুনিছে। ভাৰতত জ্যেষ্ঠ জনক পৰিয়ালত আটাইতকৈ বেছি সন্মান দিয়া হয়।
কিন্তু এনেদৰে নিজকে কষ্ট দি আনক সন্মান দিয়া উচিত জানো। এইবোৰ কথা তাৰ যুক্তিয়ে
ঢুকি নাপায়। অৱশ্যে সি বিশ্বাস কৰে আনৰ সংস্কাৰৰ সমালোচনা কৰাটো উচিত নহয়।
সি তাইক ক’লে, “তুমি অসুবিধা পাইছা যদি মই আইতাক জগাই দিওঁ। ভোকত থাকিলে তোমাৰ অসুখ হ’ব পাৰে”।
অনুপমাই হাঁহি মাৰি ক’লে, “মোৰ কাৰণে চিন্তা নকৰিবা। মোৰ উপবাসে থকাৰ অভ্যাস আছে। মই মাহত দুই এদিন এনেয়ো
উপবাসে থাকোঁ”।
অনুপমা বহা কোঠাটোলৈ গ’ল। তাই কোঠাটোৰ
চোফা খনত বহিল।
অনুপমাই কোঠাটোত চকু ফুৰালে। কোঠাটোত বেছি বস্তু নাই। এখন তিনিজনীয়া চোফা, এখন মেজ আৰু এখন আৰামী চকী। বেৰত বন্ধাই থোৱা কেইখন মান ধুনীয়া পেইণ্টিং। চুকত
জুহাল এটা আছে। আগৰ দিনত শীতকালি ঘৰ তপতাই ৰাখিবলৈ এনে জুহাল ব্যৱহাৰ হৈছিল।
অনুপমাই ডিগবৈত কোনো কোনো পুৰণি ঘৰত এনে জুহাল দেখিছে। তাই ভাবিলে, এই ঘৰটোও হয়তো যথেষ্ট পুৰণি।
কেভিনে কাপোৰ এখন আনি মেজ, চকী আৰু চোফাৰ
ওপৰত পৰি থকা ধুলিবোৰ মচিলে। এঠাইত এটা ডাগ দেখি ঘঁহি ঘঁহি ডাগটো আতৰালে। অ’ত ত’ত সিঁচৰিত হৈ থকা কাগজ, আলোচনী বোৰ চিজিল কৰি থ’লে।
“এঞ্জেলাই এই কেইদিন কোঠাটো ভালদৰে পৰিষ্কাৰ কৰা নাই যেন লাগিছে। এই খবৰ কাগজ, আলোচনীবোৰ তাইৰ কাৰণেই অনা হয়”, সি ভোৰভোৰালে।
অনুপমাই কাগজবোৰ চিজিল কৰাত তাক সহায় কৰি দিলে।
সকলো চিজিল হোৱাৰ পিছত এচুকত থকা হেলনীয়া আৰামী চকী খনত কেভিন বহিল। সি কিবা
কোৱালৈ অনুপমাই বাট চাই ৰ’ল।
“অনুপমা, আইতাই তোমালোকৰ দেশ খন, বিশেষকৈ অসম খনক খুব ভাল পায় জানা। তেওঁৰ অন্তৰত এতিয়াও তোমালোকৰ সুন্দৰ দেশ
খনৰ ছবি অঁকা আছে। মোৰো বৰ মন যায়, সেই দেশখন এবাৰ
নিজে গৈ চাই আহিবলৈ”।
তাইৰ পিনে চাই সি ক’লে, “মই যদি যাওঁ, বহুতো ফটো তুলিম, ভিডিঅ’ কৰিম। সেইবোৰ আনি আইতাক দেখুৱাম”, কেভিনে ৰং মনেৰে ক’লে।
অনুপমাই তাৰ কথা মন দি শুনিলে। তাই যেন প্ৰথম বাৰৰ কাৰণে বুজি পালে সি ডিগবৈলৈ
যাবলৈ কিয় ইমান আগ্ৰহী। তাইৰ মনটো হঠাতে যেন ভাল লাগি গ’ল।
কিন্তু পিছ মূহুৰ্ততে সি গম্ভীৰ হৈ পৰিল, “অৱশ্যে মোৰ ভয় লাগে, আইতা যদি তাৰ
আগতেই মৰি যায়”।
অনুপমাৰ বুকুখন চিৰিংকৈ গ’ল। তাই নিজৰ
আইতাকক মৃত্যুশয্যাত দেখিছে। কিমান যে হৃদয় বিদাৰক আছিল সেই দৃশ্যটো। দেউতাক, দদায়েক হঁতে কান্ধত তুলি আইতাকক শ্মশানলৈ লৈ যাওঁতে তাই ফেকুৰি ফেকুৰি পিছে
পিছে গৈ থকা কথাটো তাইৰ এতিয়াও মনত পৰে।
এতিয়া তাইৰ জীৱনলৈ আন এজনী আইতাক আহিছে। এই গৰাকী আইতাকো ইমান সোনকালে মৰি যাব
নেকি? তাই বুকুৰ মাজত যেন অলপ বিষ অনুভৱ কৰিলে।
কেভিনে কিছুপৰ ওপৰৰ চিলিঙৰ পিনে চাই থাকিল। অনুপমাৰ এনে লাগিল সি যেন নিৰৱে
ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলে আইতাকক যেন সোনকালে মাৰি নিনিয়ে। তায়ো মনে মনে
প্ৰাৰ্থনা কৰিলে কেভিনৰ ইচ্ছা যেন পূৰ্ণ হয়। তাৰ আইতাক যেন দীৰ্ঘজীৱি হয়।
কিছুপৰ নিৰৱে থাকি কেভিনে ক’লে, “মোক সৰুৰে পৰা আইতাই তোমালোকৰ দেশ খনৰ কথা কয়। আইতাই যি সময়ৰ কথা কয়, সেয়া আজি বহুদিনৰ অতীত। এতিয়া হয়তো বহুত সলনি হ’ল। কিন্তু আইতাই ভাবে এতিয়াও একো সলনি হোৱা নাই, সকলোবোৰ একেই আছে। ১৯১০ চনত আইতাৰ জন্ম আৰু এতিয়া ২০০৩ চন। আইতাৰ বয়স এতিয়া
নব্বৈ বছৰ পাৰ হৈ গৈছে। তুমি বিশ্বাস কৰিবা”?
অনুপমাই ভাবিলে, নব্বৈ বছৰ বহুত
দীঘলীয়া সময়। ইমান বছৰে এগৰাকী মানুহে বুকুৰ মাজত সেই তাহানিৰ অসম খন কঢ়িয়াই লৈ
ফুৰিছে। কিমান যে কথা হয়তো তেওঁৰ মনৰ মাজত এতিয়াও সোমাই আছে। সেই কথাবোৰ তাই জানিব
পৰা হ’লে !
কেভিনে কৈ গ’ল, “মই মোৰ গৱেষণাৰ বিষয় হিচাপে বাচি লৈছোঁ ‘বিশ্বৰ তৈল অন্বেষণৰ ইতিহাস’, এই গৱেষণাৰ এটা
অংশ হিচাপে মই পৃথিৱীৰ বহুতো দেশলৈ যাব লাগিব। মই প্ৰথমতে যাম ভাৰতলৈ, তোমালোকৰ অসমলৈ। আইতাই ইমান ভাল পোৱা দেশ খনৰ বিষয়ে, সেই ঠাইৰ মানুহ বোৰৰ বিষয়ে, সেই ঠাইত গঢ়ি
উঠা তৈল উদ্যোগৰ বিষয়ে মই জানিব বিচাৰোঁ”।
অনুপমাই মাত লগালে, “খুব ভাল বিষয়
লৈছা কেভিন। তুমি জানানে, অসমৰ তৈল
অন্বেষণৰ ইতিহাসৰ বিষয়ে আমাৰ অসমীয়া মানুহেই ভালদৰে নাজানে। আনকি ডিগবৈৰ ছোৱালী হৈ
ময়ো নাজানো”।
কেভিনে হাঁহিলে। “অতীতৰ কথা জানিবলৈ
মানুহে আজিকালি আগ্ৰহ নকৰে অনুপমা। কিন্তু অতীতৰ মাজতে আমাৰ বৰ্তমানৰ সমস্যা সমুহ
সমাধান কৰাৰ পথ লুকাই থাকে, এই কথা কোনেও
উপলব্ধি নকৰে”, সি নিজকে কোৱাদি কৈ গ’ল।
অনুপমাই ক’লে, “মই ইউৰোপলৈ অহাৰ পিছত উপলব্ধি কৰিছোঁ, তোমালোক ইউৰোপীয়ান সকলে অতীতক শ্ৰদ্ধা কৰিব জানা। অতীতৰ সকলোবোৰ গৌৰৱময় প্ৰাসাদ, স্মৃতি চিহ্ন, ঐতিহ্য তোমালোকে খুব
সুন্দৰকৈ সংৰক্ষণ কৰি ৰাখিছা। অতীতৰ প্ৰতি শ্ৰদ্ধাশীলতাই তোমালোকক মহান কৰিছে”।
কেভিনে তাইৰ কথাত মুৰ তল কৰি হাঁহিলে। তাইৰ প্ৰশংসাত সি যেন নতশিৰ হৈ গ’ল।
প্ৰসংগ সলনি কৰিবলৈ সি ক’লে, “এই বিষয়টো বাচি লোৱাৰ কাৰণে মই ভাৰতলৈ গৈ গৱেষণা কৰিবলৈ আৰ্থিক সাহাৰ্য্য পাম।
কিন্তু মই এনে এজন সাৰথি বিচাৰি আছিলোঁ যাৰ ওপৰত নিৰ্ভৰ কৰি মই মোৰ কাৰণে আচহুৱা, অচিনাকী দেশ খনত ভুমুকি মাৰিব পাৰোঁ। আৰু এয়া চোৱা, মই তোমাক পাই গ’লোঁ”।
হাউলি থকাৰ পৰা উঠি অনুপমাৰ চকুলৈ পোন দৃষ্টিৰে চাই কেভিনে সুধিলে, ‘তুমি মোক সহায় কৰিবানে অনুপমা’?
এছাটি শীতল বতাহ যেন হঠাতে অনুপমাৰ বুকুৰ ভিতৰলৈ সোমাই আহিল। একো নভবাকৈয়ে
তাইৰ মুখেৰে ওলাই আহিল, ‘নিশ্চয় কৰিম’।
অনুপমাৰ হঠাতে এনে লাগিবলৈ ধৰিলে, কেভিন আৰু আইতাক এতিয়া আৰু তাইৰ কাৰণে আৰু অপৰিচিত নহয়, তেওঁলোক যেন বহুদিনৰ চিনাকি। তাইৰ দেশৰ মাটিৰ গোন্ধ থকা আপোন মানুহ।
No comments:
Post a Comment